Dipshikha

3317 Posts

নলবাৰী বৰখানাজানত কইনাই বৰ্জন কৰিলে মদাহী দ’ৰাক

নলবাৰী বৰখানাজানত কইনাই বৰ্জন কৰিলে মদাহী দ'ৰাক।নলবাৰী বৰখানাজানত এখন বিবাহত মদাহী দ'ৰাৰ বাবেই বিবাহ বিচ্ছেদ হয়।।মদৰ ৰাগীত ৰাগিয়াল দ'ৰাৰ অৱস্থা লক্ষ্য কৰিয়ে বিবাহ নহোৱাৰ সীদ্ধান্ত কইনাৰ।।দৰা নলবাৰী গোপাল বজাৰৰ প্ৰসেনজিৎ হালৈ।। মদ সেৱন কৰি মাতাল হৈ বিবাহ কৰাবলৈ অহাৰ বাবে কইনাৰ লগতে পৰিয়ালে বিচ্ছেদ কৰে বিবাহখন।।পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষীও উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।
Read More

হোলীৰ দিন দুটাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি হ’ল

হোলীৰ দিন দুটাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি হ'ল। মহানগৰবাসীয়ে দুটাকৈ দিন হোলী উদযাপন কৰিলে। আবিৰৰ ৰঙেৰে একাকাৰ হ'ল সকলোৰে মন, হৃদয়।কিন্তু এই হোলীত এক নতুন খবৰে সকলোকে আচৰিত কৰি তুলিছে। আপুনি শুনি আচৰিত হ'ব, হোলীত মহানগৰীত সুৰাৰ বিক্ৰীয়ে গঢ়িলে অভিলেখ। সুৰা বিক্ৰীত ৰাজ্যৰ ভিতৰতে শীৰ্ষত আছে গুৱাহাটী মহানগৰী।গুৱাহাটীত বিগত ৭ মাৰ্চত ৯ কোটি ৫৮ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৮ মাৰ্চত বিক্ৰী হৈছে ১ কোটিৰো অধিক টকাৰ সুৰা। প্ৰায় ১০ কোটি টকাৰ সুৰা বিক্ৰীৰে মহানগৰীত হোলীত আবকাৰী বিভাগে গঢ়িলে অভিলেখ।কিন্তু হোলীৰ আনন্দৰ মাজতে মহানগৰীত আৰক্ষী প্ৰশাসনে ভিন্ন প্ৰান্তত চলাইছিল অভিযান। সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল আৰক্ষী…
Read More

অভিনেতা সতীশ কৌশিকৰ দেহাৱসান

অভিনেতা সতীশ কৌশিকৰ দেহাৱসান এইটো অতি বেয়া খবৰ ওলাইছে বলীউডৰ পৰা। বলীউডৰ প্ৰখ্যাত অভিনেতা তথা পৰিচালক সতীশ কৌশিক আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। এই বিষয়ে তথ্য দি তেওঁৰ অতি ঘনিষ্ঠ বন্ধু অনুপম খেৰে লিখিছে যে ৪৫ বছৰীয়া বন্ধুত্ব আজি সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। সতীশৰ অবিহনে জীৱনটো আৰু কেতিয়াও আগৰ দৰে হৈ নাথাকিব।১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাৰ মহেন্দ্ৰগড়ত জন্মগ্ৰহণ কৰা সতীশ কৌশিকে ১৯৮৩ চনৰ ‘মাছুম’ ছবিত অভিনয়ত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ প্ৰায় ১০০খন ছবিত কাম কৰিছিল। ১৯৯৩ চনত ‘ৰূপ কি ৰাণী চোৰন কা ৰাজা’ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ পৰিচালনাৰ জগতখনত ভৰি দিয়ে আৰু প্ৰায় এক ডজন ছবি পৰিচালনা কৰে।
Read More

মোৰাঝাৰৰ পূৰ্ব যমুনা গাৱঁত পুনৰ আৰম্ভ অবৈধ বালি খনন

মোৰাঝাৰৰ পূৰ্ব যমুনা গাৱঁত পুনৰ আৰম্ভ অবৈধ বালি খনন অবৈধ বালিৰ খননৰ কাৰ্য্য লগত জড়িত বহুত মাফিয়া গৈছিল জেললৈকিন্তু জেলৰ পৰা আহি আকৌ পূৰ্ব যমুনা গাৱঁত বহুৱালে বালি খনন মিচিনবালি মাফিয়াৰ এই কাৰ্য্যত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতাপ্ৰতেক দিনাই পূৰ্ব যমুনা গাৱঁত এক লাখৰো অধিক টকাৰ বালি মাফিয়াই বালি বিক্ৰি কৰে।অভিযোগ অনুসৰি হৈব আলি কৰিম মুল্লা আৰু মনয়াইৰ নেতৃত্ব পূৰ্ব যমুনা গাৱঁত চলি আছে এই অবৈধ মহলটোএতিয়া প্ৰশ্ন হয় কেতিয়া বন্ধ হব পূৰ্ব যমুনা গাৱঁৰ অবৈধ বালিৰ ঘাটখন।নীৰৱ প্ৰশাসন নীৰৱ চৰকাৰ।
Read More

কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ

নাজিৰা নগৰত হোলীৰ নামত একাংশ যুৱকৰ অতপালি।কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ ।নাজিৰাত হোলীৰ নামত অসভ্যালি।যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ অহা কৰ্তব্যৰত যানবাহন আৰক্ষীক প্ৰহাৰ একাংশ উদণ্ড যুৱকৰ।মহিলা আৰক্ষী যোৱানৰ গাতো হাত তুলিলে একাংশ উদণ্ড যুৱকে।হোলীৰ নামত একাংশ যুৱকে সুৰাপান কৰি মাতাল হৈ নাজিৰা নগৰত সৃষ্টি কৰিলে উদ্ভণ্ডালিৰ।এই উদ্ভণ্ডালিয়ে পালেগৈ চৰম সীমাৰ।কৰ্তব্যৰত আৰক্ষীক সুৰাৰ ৰাগিত মাতাল হৈ কৰিলে প্ৰহাৰ।নাজিৰা নগৰৰ ব্যস্ততাপূৰ্ণ যি পথ সেই পথচোৱাত হোলী উদযাপন কৰিবলৈ নাজিৰা প্ৰশাসনে কিদৰে অনুমতি দিয়ে সিও এক আশ্চৰ্য্যৰ বিষয়।নাজিৰা মহকুমা প্ৰশাসনে নাজিৰা নগৰৰ পথৰ মাজ মজিয়াত এইদৰে হোলী উদ্‌যাপন কৰিবলৈ অনুমতি দিয়াৰ পিছত অধিক যানজট সৃষ্টি হোৱাত যানজট ভাঙিবলৈ যোৱাত এইদৰে আৰক্ষীক প্ৰহাৰ কৰে একাংশ উদণ্ডযুৱকে।ইয়াৰ উপৰিও…
Read More

বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে দলগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ

বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে দলগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ভূক্ত ভূগীয়ে ।বিজেপি চৰকাৰৰ সহযোগত এল আই চি, ষ্টেট বেংকৰ সাধাৰণ গ্ৰাহকৰ ধন লুট, বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।দলগাঁৱৰ বেছিমাৰী ব্লক কংগ্ৰেছেৰ উদ্যোগত বৃক্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে দলগাঁৱত থকা ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে । নৰেন্দ্ৰ মোডী মূর্দাবাদ গুজৰাট চৰকাৰ মূর্দাবাদ দিলে কংগ্ৰেছ কৰ্মীয়ে । দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰী ব্লক কংগ্ৰেছেৰ উদ্যোগত বৃক্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে দলগাঁৱত থকা ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে । বিজেপি চৰকাৰৰ সহযোগত এল আই চি, ষ্টেট বেংকৰ সাধাৰণ গ্ৰাহকৰ ধন লুট বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।…
Read More

এটা CSP কেন্দ্ৰ বন্ধ কৰাক লৈ বিশ্বনাথত শ শ মহিলাৰ প্ৰতিবাদ

এটা CSP কেন্দ্ৰ বন্ধ কৰাক লৈ বিশ্বনাথত শ শ মহিলাৰ প্ৰতিবাদবেংকৰ সন্মূখত হাতে হাতে পাছবুক লৈ প্ৰতিবাদ গ্ৰাহকৰ।বিশ্বনাথত এটা গ্ৰাহক সেৱা কেন্দ্ৰ বন্ধ কৰি দিয়াক লৈ উত্তপ্ত পৰিস্থিতি ৷উল্লেখযোগ্য যে বিশ্বনাথৰ স্টেট বেংক অফ ইণ্ডিয়া বিশ্বনাথ ঘাট শাখাৰ অধীনত ন'নকে জাপৰীগুৰীত ধন মিঞা নামৰ যুৱক জনে এটা গ্ৰাহক সেৱা কেন্দ্ৰ চলাই আছিল।কিন্তু দুমাহ মান পূৰ্বে ধন মিঞাৰ এই গ্ৰাহক সেৱা কেন্দ্ৰটোত বিত্তীয় খেলি-মেলি হোৱাৰ অভিযোগৰ ভিত্তিত এই গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ কৰি দিয়ে ষ্টেট বেংক অফ ইণ্ডিয়াই।যাৰ ফলত উক্ত অঞ্চলৰ ৰাইজে বিভিন্ন হাৰাশাস্তিৰ সংন্মূখীন হ'ব লগীয়া হয়।বেংকৰ লেন দেন কৰাৰ ক্ষেত্ৰত বহুতো হাৰাশাস্তিৰ সন্মূখীন হ'ব লগীয়া হয় গ্ৰাহক সকলে।সেইহে আজি…
Read More

নামৰূপ হাপজান বাগানত সংঘটিত হয় এটা নৃশংস হত্যাকাণ্ড

নামৰূপ হাপজান বাগানত সংঘটিত হয় এটা নৃশংস হত্যাকাণ্ড ।নিজৰ পিতৃক মুৰত আঘাত কৰি হত্যা কৰিলে সুৰামত্ত পুত্ৰই ।যচেল মুৰাৰী নামৰ পুত্ৰৰ হাতত মৃত্যু ৰাম মুক্তা মুৰাৰী নামৰ পিতৃ ৷ইতিমধ্যে নামৰূপ আৰক্ষীয়ে আটক কৰিছে ঘাতক পুত্ৰক ৷ আৰু ৩০২ ধাৰা অধীনত এটা গোচৰ ৰুজু কৰে আৰক্ষীয়ে।
Read More

দিল্লীৰ ৰেড লাইট এলেকাত গুলীচালনা

দিল্লীৰ ৰেড লাইট এলেকাত গুলীচালনা, পতিতালয়ত গুলীচালনাত মহিলাসহ ২জন আহত।দিল্লীৰ ৰেড লাইট এলেকা জি বি ৰোডত মঙলবাৰে গুলিয়াগুলিৰ ঘটনা সংঘটিত হয়। ইয়াৰ এটা পতিতালয়ত গুলীচালনা হয় য’ত এগৰাকী মহিলা আৰু এজন পুৰুষ আহত হয়। দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কোনে কিয় গুলীচালনা কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ৰেড লাইট এলেকাত গুলীচালনা সংঘটিত হয়। একেটা অঞ্চলতে কৰ্মৰত ইমৰানে তিনিজন যুৱক লৈ আহিছিল। প্ৰথমে তিনিওজন যুৱকৰ মাজত এগৰাকী মহিলাৰ লগত বিবাদ হৈছিল। বিবাদ ক্ৰমান্বয়ে বৃদ্ধি পালে আৰু এজন যুৱকে ৰাধাৰ মূৰত গুলী মাৰিলে। অভিযুক্তই বচাবলৈ অহা ইমৰাণৰ ওপৰতো গুলীচালনা কৰে, গুলী ইমৰাণৰ কান্ধত খুন্দা মাৰে। গুলীচালনাৰ…
Read More

বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ । এজনক আটক আৰক্ষীৰ ।বিজনীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । যোৱা নিশা চিৰাঙৰ বিজনীত বিজনী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা লোকজনৰ নাম আবুল কাচেম(৪১) । বৰপেটাৰ পৰা ইয়ামহা AS19 H1654 নম্বৰৰ মটৰ চাইকেলত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰিবৰ বাবে আহি থাকোতে বিজনী টোল প্লাজাৰ সমিপত বিজনী আৰক্ষীৰ জালত পৰে । সৰবৰাহকাৰী জনৰ পৰা এটা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকচত, দহটা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেনাৰ, এটা মোবাইল, এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে । জব্দকৃত ড্ৰাগছৰ ওজন ১০.৫০ গ্ৰাম । পাছলৈ জব্দকৃত সামগ্ৰীসহ আবুল কাচেমক…
Read More