Business Bureau

2980 Posts
টেটলীয়ে শ্লিম কেয়াৰ সামগ্ৰীৰে নিজৰ স্বাস্থ্য-কল্যাণ পৰ্টফলিঅ’ সম্প্ৰসাৰণৰ লগে লগে কাৰ্যকৰী চাহ খণ্ডই লাভ কৰিছে গতি

টেটলীয়ে শ্লিম কেয়াৰ সামগ্ৰীৰে নিজৰ স্বাস্থ্য-কল্যাণ পৰ্টফলিঅ’ সম্প্ৰসাৰণৰ লগে লগে কাৰ্যকৰী চাহ খণ্ডই লাভ কৰিছে গতি

স্বাস্থ্য-কেন্দ্ৰিক পানীয়ৰ প্ৰতি গ্ৰাহকৰ বৰ্ধিত অগ্ৰাধিকাৰে কাৰ্যকৰী চাহৰ চাহিদাক তীব্ৰতৰ কৰি তুলিছে। ব্ৰেণ্ডসমূহে এনে কিছুমান সামগ্ৰী বজাৰলৈ আনিছে যিবোৰে কোনো ক্ষিপ্ৰ স্বাস্থ্য সমাধানৰ পৰিৱৰ্তে দৈনন্দিন স্বাস্থ্য-কল্যাণৰ অভ্যাসৰ সৈতে সংগতি ৰাখে। উদ্যোগ পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছে যে গ্ৰীন টিৰ জনপ্ৰিয়তা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে, কাৰণ গ্ৰাহকসকলে ক্ৰমান্বয়ে এনে পানীয় বিচাৰে যিবোৰে দৈনন্দিন জীৱনশৈলীত সহজে মিলি যোৱাৰ লগতে অতিৰিক্ত পুষ্টি বা কাৰ্যকৰী উপকাৰিতা প্ৰদান কৰে।টেটলীয়ে এই প্ৰৱণতাৰ ওপৰত ভিত্তি কৰিয়েই বজাৰত মুকলি কৰিছে টেটলী গ্ৰীন টি শ্লিম কেয়াৰ। এয়া এক কাৰ্যকৰী গ্ৰীন টি, য’ত প্ৰিমিয়াম গ্ৰীন টিৰ সৈতে অতিৰিক্তভাৱে এল-কাৰ্নিটিন মিহলাই দিয়া হৈছে। এক সুষম খাদ্য আৰু নিয়মীয়া শাৰীৰিক পৰিশ্ৰমৰ সৈতে এই সামগ্ৰীবিধ গ্ৰহণ…
Read More
মাল্টি এছেট ফাণ্ডৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ লগে লগে ডিএছপি মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰীৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ

মাল্টি এছেট ফাণ্ডৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ লগে লগে ডিএছপি মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰীৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ

ডিএছপি মিউচুৱেল ফাণ্ডে এক দেশজোৰা ডিজিটেল অভিযান আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে বিনিয়োগকাৰীসকলক কেৱল শেহতীয়া ৰিটাৰ্নৰ ওপৰত গুৰুত্ব আৰোপৰ পৰিৱৰ্তে পৰ্টফলিঅ'ৰ বৈচিত্ৰ্যকৰণত ইয়াৰ নিৰ্দিষ্ট ভূমিকাৰ ওপৰত ভিত্তি কৰি মাল্টি এছেট এলকেচন ফাণ্ডৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰা। এই শ্ৰেণীটোৰ প্ৰতি বিনিয়োগকাৰীৰ বৰ্ধিত আগ্ৰহৰ মাজতে এই উদ্যোগটো গ্ৰহণ কৰা হৈছে। উদ্যোগ খণ্ডৰ তথ্যই দেখুৱাইছে যে ২০২৬ চনৰ জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত ইকুইটি-কেন্দ্ৰিক আঁচনিসমূহলৈ অহা মুঠ ধনৰ প্ৰৱাহৰ ২৭% আছিল মাল্টি এছেট এলকেচন ফাণ্ডৰ, যি পূৰ্বৰ ত্ৰৈমাসিকত ২১% আৰু এবছৰৰ পূৰ্বে ৬% আছিল। ফাণ্ড হাউচটোৱে জনোৱা অনুসৰি মাল্টি এছেট এলকেচন ফাণ্ডত বিনিয়োগকাৰীৰ লেনদেন যোৱা বছৰৰ তুলনাত তিনিগুণ বৃদ্ধি পাইছে।১০০তকৈও অধিক বিনিয়োগকাৰীৰ সন্ধান আৰু প্ৰশ্ন বিশ্লেষণৰ…
Read More
অসম চৰকাৰ-এপ’ল’ ডায়েলাইচিছৰ সহযোগিতাত ডিব্ৰুগড় জিলাত বিনামূলীয়া বৃক্ক ৰোগৰ চিকিত্সা সেৱাৰ সম্প্ৰসাৰণ

অসম চৰকাৰ-এপ’ল’ ডায়েলাইচিছৰ সহযোগিতাত ডিব্ৰুগড় জিলাত বিনামূলীয়া বৃক্ক ৰোগৰ চিকিত্সা সেৱাৰ সম্প্ৰসাৰণ

অসম চৰকাৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিত এপ’ল’ ডায়েলাইচিছ ক্লিনিকৰ সহযোগত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্যসূচীৰ জৰিয়তে ডিব্ৰুগড় জিলাত বিনামূলীয়া ডায়েলাইচিছ সেৱাৰ প্ৰসাৰ ঘটাইছে। ইয়াৰ দ্বাৰা দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগত আক্ৰান্ত হাজাৰ হাজাৰ ৰোগী উপকৃত হৈছে। এই পদক্ষেপে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মৰাণ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু নাহৰকটীয়া মহকুমা অসামৰিক চিকিৎসালয়ত ডায়েলাইচিছ কেন্দ্ৰ পৰিচালনা কৰি আহিছে। এই সেৱাৰ ফলত যোগ্য ৰোগীসকলে কোনো ধৰণৰ নিজা খৰচ নকৰাকৈ ঘৰৰ ওচৰতে উন্নত বৃক্কৰ চিকিত্সা লাভ কৰিবলৈ সক্ষম হৈছে।২০২৬ চনৰ জুন মাহৰ চৰকাৰী তথ্য অনুসৰি এই তিনিটা কেন্দ্ৰই জিলাখনৰ ৬,২৮৮গৰাকী বৃক্কৰ ৰোগীক সেৱা আগবঢ়াইছে আৰু ৪৪,৬৭০টা বিনামূলীয়া ডায়েলাইচিছ ছেচন সম্পন্ন কৰিছে। এপ’ল’ ডায়েলাইচিছ ক্লিনিকৰ মুখ্য পৰিচালন বিষয়া…
Read More
অৱসৰকালীন পৰিকল্পনা সম্পদ সৃষ্টিৰ পৰা ৰূপান্তৰ হ’ব লাগে বহনক্ষম উপাৰ্জনলৈ, বিশেষজ্ঞৰ মত

অৱসৰকালীন পৰিকল্পনা সম্পদ সৃষ্টিৰ পৰা ৰূপান্তৰ হ’ব লাগে বহনক্ষম উপাৰ্জনলৈ, বিশেষজ্ঞৰ মত

দেশত অৱসৰকালীন পৰিকল্পনা কেৱল এটা বৃহৎ অৱসৰকালীন পুঁজি গঠন কৰাৰ পৰম্পৰাগত গুৰুত্বৰ পৰা আঁতৰি আহিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে এক সুস্থিৰ তথা বহনক্ষম উপাৰ্জনৰ উৎস সৃষ্টিত অগ্ৰাধিকাৰ দিব লাগে, যিয়ে অৱসৰপ্ৰাপ্ত লোকসকলক অৱসৰৰ পৰৱৰ্তী সময়ছোৱাত সম্পূৰ্ণ ৰূপে সহায় কৰিব পাৰে। এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডৰ মুখ্য ব্যৱসায়িক বিষয়া, পাৰ্টনাৰশ্বিপ চেনেল তথা অৱসৰকালীন বিভাগৰ মুৰব্বী অনুৰাগ গুপ্তাই এই মন্তব্য কৰিছে।গুপ্তাই কয় যে অৰ্থনৈতিক স্বতন্ত্ৰতা, ৰিটায়াৰ আৰ্লি অৰ্থাৎ ফায়াৰ আন্দোলনৰ বৰ্ধিত জনপ্ৰিয়তাই বহু ভাৰতীয়ক এক লক্ষ্যকেন্দ্ৰিক অৱসৰকালীন পুঁজিৰ পিছত দৌৰিবলৈ উৎসাহিত কৰিছে। কিন্তু তেওঁ সতৰ্ক কৰি দিয়ে যে কেৱল সম্পদ সঞ্চয় কৰিলেই বিত্তীয় সুৰক্ষা নিশ্চিত নহয়। যিহেতু অৱসৰৰ জীৱন দুই-তিনিটা দশকলৈকে চলিব…
Read More
প্ৰযুক্তিত বিনিয়োগে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফক সঞ্চয় ব্যয়ৰ অনুপাত হ্ৰাস কৰাত কৰিছে সহায়

প্ৰযুক্তিত বিনিয়োগে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফক সঞ্চয় ব্যয়ৰ অনুপাত হ্ৰাস কৰাত কৰিছে সহায়

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত নিজৰ সঞ্চয় ব্যয় আৰু প্ৰিমিয়ামৰ অনুপাত ১৩.৬ শতাংশলৈ হ্ৰাস কৰিছে, যি পূৰ্বৱৰ্তী বৰ্ষৰ তুলনাত ৫০ বেচিচ পইণ্ট কম। প্ৰযুক্তি, স্বয়ংক্ৰিয়কৰণ আৰু ব্যয় অনুকূলীকৰণৰ পদক্ষেপসমূহত ধাৰাবাহিক বিনিয়োগৰ ফলত এই সফলতা লাভ কৰা হৈছে, যাৰ ফলত ব্যৱসায়িক বৃদ্ধিৰ সমান্তৰালভাৱে কাৰ্যক্ষমতাও উন্নত হৈছে। বীমা প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে যে ডিজিটেল ৰূপান্তৰে গ্ৰাহক আহৰণ, পলিচী সেৱা, আণ্ডাৰৰাইটিং আৰু দাবী ব্যৱস্থাপনা আদিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহক সুশৃংখলিত কৰি তুলিছে। ২০২৭ বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত প্ৰায় ৫৮ শতাংশ পলিচী ডিজিটেল কেৱাইচি প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জাৰি কৰিছিল, আনহাতে প্ৰায় ৫৪ শতাংশ সঞ্চয় পলিচী একে দিনাই জাৰি হৈছিল, যিয়ে প্ৰযুক্তি-সক্ষম কাৰ্যপ্ৰণালীৰ…
Read More
অসমৰ পলিচীধাৰীসকলৰ বাবে বানত হোৱা লোকচানৰ ক্লেইম প্ৰক্ৰিয়া সৰল কৰিলে আইচিআইচিআই প্ৰুডেন্সিয়েল-এ

অসমৰ পলিচীধাৰীসকলৰ বাবে বানত হোৱা লোকচানৰ ক্লেইম প্ৰক্ৰিয়া সৰল কৰিলে আইচিআইচিআই প্ৰুডেন্সিয়েল-এ

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে অসমৰ সংহাৰী বানত ক্ষতিগ্ৰস্ত হোৱা পলিচীধাৰীসকলৰ মনোনীত ব্যক্তি (নমিনী) আৰু হিতাধিকাৰীসকলৰ বাবে এক সৰলীকৃত দাবী নিষ্পত্তি প্ৰক্ৰিয়া ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে দুৰ্ভগীয়া পৰিয়ালসমূহক ক্ষিপ্ৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰা। কোম্পানীটোৱে জানিবলৈ দিছে যে বৰ্তমানৰ এই মানৱীয় সংকটৰ সময়ত দ্ৰুত নিষ্পত্তি নিশ্চিত কৰিবলৈ কেৱল তিনিটা প্ৰয়োজনীয় নথিৰ আধাৰতে মৃত্যুৰ দাবীসমূহ প্ৰছেচিং কৰিব পাৰিব।সংশোধিত পদ্ধতি অনুসৰি, মনোনীত ব্যক্তিসকলে চৰকাৰী, চিকিৎসালয় বা আৰক্ষী কৰ্তৃপক্ষই জাৰি কৰা মৃত্যুৰ প্ৰমাণপত্ৰ বা যিকোনো চৰকাৰী নথি-প্ৰমাণ অথবা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে প্ৰদান কৰা ক্ষতিপূৰণৰ প্ৰমাণক মৃত্যুৰ প্ৰমাণ হিচাপে জমা দিব পাৰিব। ইয়াৰ উপৰিও, দাবীদাৰসকলে বৈধ কেৱাইচি নথিৰ সৈতে আইএফএছচি ক’ড থকা মনোনীত ব্যক্তিৰ…
Read More
ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন

ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন

ভোডাফোন আইডিয়া-ই স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে কেইটামান নিৰ্বাচিত প্ৰিপেইড ৰিচাৰ্জ প্লেনৰ সৈতে স্পটিফাই প্ৰিমিয়ামক এক সন্মিলিত সুবিধা ৰূপে অন্তৰ্ভুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ মনোৰঞ্জনৰ পৰিসৰ শক্তিশালী কৰা আৰু ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল-প্ৰথম উপভোক্তাসকলক আকৰ্ষিত কৰা। টেলিকম প্ৰতিষ্ঠানটোৱে সোমবাৰে তিনিটা নতুন প্ৰিপেইড ৰিচাৰ্জ বিকল্প মুকলি কৰিছে য’ত ভইচ, ডাটা আৰু মনোৰঞ্জনৰ সুবিধাসমূহৰ লগতে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ স্পটিফাই প্ৰিমিয়াম অন্তৰ্ভুক্ত আছে। ফ্লেগশ্বিপ ৪৩৫ টকীয়া নন-ষ্টপ হিৰো প্লেনটোৱে ২৮ দিনৰ বৈধতাৰ সৈতে আনলিমিটেড ৪জি/৫জি ডাটা, আনলিমিটেড কল, প্ৰতিদিনে ১০০ টা এছএমএছ, জিঅ’হটষ্টাৰ (মোবাইল) এক্সেছ আৰু স্পটিফাই প্ৰিমিয়াম প্ৰদান কৰে। ২৫০ টকীয়া প্ৰিপেইড প্লেনটোৱে ২৮ দিনৰ বাবে ২জিবি ডাটা, আনলিমিটেড কল, ৩০০ টা এছএমএছ…
Read More
১১৫ ইঞ্চিৰ ফ্লেগশ্বিপ ব্ৰাভিয়া ৯আইII মুকলিৰে নিজৰ ট্ৰু আৰজিবি টিভিৰ পৰিসৰ সম্প্ৰসাৰণ ছনীৰ

১১৫ ইঞ্চিৰ ফ্লেগশ্বিপ ব্ৰাভিয়া ৯আইII মুকলিৰে নিজৰ ট্ৰু আৰজিবি টিভিৰ পৰিসৰ সম্প্ৰসাৰণ ছনীৰ

ছনী ইণ্ডিয়াই প্ৰিমিয়াম বৃহৎ স্ক্ৰীনৰ ঘৰুৱা মনোৰঞ্জন খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে কোম্পানীটোৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ব্ৰাভিয়া টেলিভিচন— ১১৫ ইঞ্চি (২৯২ চেণ্টিমিটাৰ)ৰ ব্ৰাভিয়া ৯II মুকলি কৰি নিজৰ প্ৰিমিয়াম টেলিভিচনৰ তালিকাৰ সম্প্ৰসাৰণ কৰিছে। এই উন্মোচনী অনুষ্ঠানত ছনী ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুনীল নায়াৰ আৰু ছনী কৰ্পৰেচনৰ হোম প্ৰডাক্ট বিজনেছ ডিভিজনৰ গ্লবেল হেড নেজু ডাইচুকে উপস্থিত থাকে। এই মুকলিৰ লগে লগে ছনীৰ ট্ৰু আৰজিবি ব্ৰাভিয়া শৃংখলাৰ স্ক্ৰীনৰ আকাৰ ৫৫ ইঞ্চি (১৪০ চেণ্টমিটাৰ)ৰ পৰা ১১৫ ইঞ্চি (২৯২ চেণ্টিমিটাৰ)লৈকে উপলব্ধ হৈছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, এই নতুন ফ্লেগশ্বিপ টেলিভিচনত নিজস্ব আৰজিবি বেকলাইট মাষ্টাৰ ড্ৰাইভ প্ৰ’ আৰু ব্ৰাভিয়া এক্সআৰ প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে, যিয়ে উন্নত…
Read More
অসমৰ বানাক্ৰান্তসকলৰ বাবে বাজাজ লাইফ ইঞ্চুৰেন্সৰ দ্ৰুত গতিৰ ক্লেইম সাহায্য

অসমৰ বানাক্ৰান্তসকলৰ বাবে বাজাজ লাইফ ইঞ্চুৰেন্সৰ দ্ৰুত গতিৰ ক্লেইম সাহায্য

বাজাজ লাইফ ইঞ্চুৰেন্সে উজনি অসমৰ বানপানীৰ দ্বাৰা প্ৰভাৱিত পলিচীহল্ডাৰসকলৰ বাবে এক বিশেষ ক্লেইম সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত এক সৰলীকৃত ক্লেইম নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, যাতে বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিয়ালসমূহক দ্ৰুত বিত্তীয় সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিব পৰা যায়। ব্যক্তিগত খণ্ডৰ জীৱন বীমা কোম্পানীটোৱে জনোৱা মতে এক সুকীয়া ক্লেইম নিষ্পত্তি ডেস্ক স্থাপন কৰা হৈছে আৰু বান পৰিস্থিতিৰ বাবে উদ্ভৱ হোৱা যোগ্য মৃত্যুৰ ক্লেইমসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। নথিৰ প্ৰয়োজনীয়তা হ্ৰাস আৰু নিষ্পত্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্লেইম প্ৰক্ৰিয়াটো সহজ কৰি তোলাই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য। এই সৰলীকৃত প্ৰক্ৰিয়াৰ অধীনত…
Read More
‘বন্দে ভাৰতম’ পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিলে আদানী গ্ৰুপে

‘বন্দে ভাৰতম’ পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিলে আদানী গ্ৰুপে

আদানী গ্ৰুপৰ প্ৰতিনিধিবৰ্গই সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে দেশজুৰি আৰম্ভ কৰা উদ্যমিতা আৰু উদ্ভাৱনমূলক আঁচনি বন্দে ভাৰতমৰ অংশ হিচাপে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। দলটোৱে মুখ্যমন্ত্ৰীক আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য সম্বলিত এখন পত্ৰ, কাৰ্যসূচীৰ কিট আৰু এটা স্মাৰক প্ৰদান কৰে।এই বৈঠকৰ সময়ত প্ৰতিনিধি দলটোৱে দেশজুৰি উদ্ভাৱন, উদ্যমিতা আৰু তৃণমূল পৰ্যায়ৰ প্ৰতিভাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে হাতত লোৱা এই আঁচনিৰ দূৰদৰ্শিতাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। আদানী গ্ৰুপে জনোৱা অনুসৰি এই কাৰ্যসূচীৰ বাবে ইতিমধ্যে অসমৰ ৪০০তকৈও অধিক আবেদন লাভ কৰিছে, যিয়ে ৰাজ্যখনৰ উদীয়মান উদ্যোগীসকলৰ মাজত থকা বৰ্ধিত উৎসাহক প্ৰতিফলিত কৰিছে।মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপক আদৰণি জনাইছে আৰু উদ্ভাৱকসকলক সঠিক…
Read More