নাগালেণ্ড চৰকাৰে হৰ্ণবিল ফেষ্টিভেল ২০২৬-ৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অফিচিয়েল এয়াৰলাইন পাৰ্টনাৰ হিচাপে নিৰ্বাচিত কৰিছে। বাৰ্ষিক সাংস্কৃতিক মহাসমাৰোহত অংশগ্ৰহণ কৰিবলগীয়া দৰ্শনাৰ্থীসকলৰ যাতায়াতৰ সুবিধা উন্নত কৰাৰ বাবে এয়াৰলাইনটোৱে ২৮ নৱেম্বৰৰ পৰা গুৱাহাটী আৰু ডিমাপুৰৰ মাজত বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে পৰ্যটন আৰু সাংস্কৃতিক আদান-প্ৰদানক উৎসাহিত কৰাৰ লগতে নাগালেণ্ডৰ জনজাতীয় ঐতিহ্য, সংগীত, খাদ্য আৰু পৰম্পৰাসমূহৰ প্ৰচাৰ কৰা। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ড° নেফিঅ’ ৰিঅ’ই এই ধাৰাবাহিক সহযোগিতাক আদৰণি জনাই কয় যে, ই ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাত সহায় কৰিব আৰু নাগালেণ্ডক দেশৰ বাকী অংশ তথা বিশ্বৰ অধিক কাষ চপাই আনিব।
মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট অথৰিটী অৱ নাগালেণ্ডৰ অধ্যক্ষ আবু মেথাই কয় যে, এই অংশীদাৰিত্বই অধিক ভ্ৰমণকাৰীক ৰাজ্যখন ভ্ৰমণ কৰিবলৈ আৰু ইয়াৰ পৰম্পৰা তথা আতিথ্যৰ অভিজ্ঞতা ল’বলৈ উৎসাহিত কৰিব। বিশেষ বিমানসমূহ বুধবাৰৰ বাহিৰে সপ্তাহত ৬ দিন চলিব আৰু ২ ডিচেম্বৰৰ পৰা বুধবাৰেও অতিৰিক্ত সেৱাৰ ব্যৱস্থা কৰা হ’ব। গুৱাহাটী – ডিমাপুৰ বিমানখনে আবেলি ২.৪০ বজাত যাত্ৰা আৰম্ভ কৰি ৩.৩৫ বজাত উপস্থিত হ’বগৈ, আনহাতে উভতনি যাত্ৰা আবেলি ৪.১০ বজাত আৰম্ভ হৈ ৫.০৫ বজালৈ চলিব। বুধবাৰৰ বিমানসমূহ পৃথক সময়ত চলিব। যাত্ৰীসকলে হৰ্ণবিল প্ৰ’ম’ ক’ড ব্যৱহাৰ কৰি এয়াৰলাইনটোৰ ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে বুকিং কৰিলে ১৫ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত এই অতিৰিক্ত বিমানসমূহে ফেষ্টিভ ছিজনত নাগালেণ্ডৰ এক প্ৰধান প্ৰৱেশদ্বাৰ হিচাপে চহৰখনৰ ভূমিকা শক্তিশালী কৰি পৰ্যটন-সম্বন্ধীয় ব্যৱসায়, ট্ৰেভেল অপাৰেটৰ, হোটেল আৰু অন্যান্য সেৱা প্ৰদানকাৰীসকলক সহায় কৰিব বুলি আশা কৰা হৈছে।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক সমগ্ৰ ভাৰত আৰু পশ্চিম এছিয়াৰ বিভিন্ন গন্তব্যস্থানৰ সৈতে সংযোগ কৰি সপ্তাহত ৩৫০খনতকৈও অধিক বিমান পৰিচালনা কৰি আছে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ টেলছ অৱ ইণ্ডিয়া পদক্ষেপৰ অধীনত উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ পৰম্পৰাগত চিত্ৰকলাৰ লগতে নাগালেণ্ডৰ চুংকোটেপচুৰ দৰে আঞ্চলিক সাংস্কৃতিক প্ৰতীকসমূহ প্ৰদৰ্শন কৰা হয়। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ৱেবছাইট, মোবাইল এপ আৰু অন্যান্য বুকিং প্লেটফৰ্মৰ জৰিয়তে টিকটৰ বুকিং মুকলি কৰা হৈছে।
