কাজিৰঙাৰ মৰ্মান্তিক দুৰ্ঘটনাই কঁপাই গৈছে দেশ

কাজিৰঙাৰ মৰ্মান্তিক দুৰ্ঘটনাই কঁপাই গৈছে দেশ। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে। ইপিনে আজি কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মুঠ ৯ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাপ্ৰতিগৰাকী নিহতৰ আত্মীয়লৈ মুঠ ৫ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *