Business Bureau

2980 Posts
ট্ৰাক অপাৰেটৰসকলৰ অধিক লাভজনক ব্লেজো আই-টিআৰকে মুকলি কৰিলে মহিন্দ্ৰাই

ট্ৰাক অপাৰেটৰসকলৰ অধিক লাভজনক ব্লেজো আই-টিআৰকে মুকলি কৰিলে মহিন্দ্ৰাই

মহিন্দ্ৰা গ্ৰুপৰ অন্তৰ্ভুক্ত মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে ব্লেজো আই-টিআৰকে নামৰ এক নতুন প্ৰজন্মৰ গধুৰ বাণিজ্যিক বাহন মুকলি কৰিছে। পৰিবহণকাৰী আৰু বাহন মালিকসকলৰ বাবে ইয়াক 'প্ৰফিট কা ৰকেট' হিচাপে উপস্থাপন কৰা হৈছে। কোম্পানীটোৱে জনোৱা অনুসৰি গ্ৰাহকক অধিক উপাৰ্জন কৰা, অধিক চলোৱা আৰু অধিক নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ এই ট্ৰাকখনত ইন্ধনৰ নাটনি কম কৰা প্ৰযুক্তি, উন্নত প্ৰদৰ্শন, সংযোজিত প্ৰযুক্তি আৰু সেৱাৰ নিশ্চয়তাৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটোৱা হৈছে। মহিন্দ্ৰাৰ মতে ব্লেজো আই-টিআৰকেই ১০% পৰ্যন্ত উন্নত ইন্ধন দক্ষতা প্ৰদান কৰে আৰু পাঁচ বছৰত প্ৰতিখন ট্ৰাকত ১৫ লাখ টকা পৰ্যন্ত অতিৰিক্ত লাভ জেনৰেট কৰাৰ সম্ভাৱনা আছে। ইয়াত টৰ্বোমেক্স, অপ্টিফুৱেল আৰু এআই-চালিত আইফুৱেলস্মাৰ্ট স্বয়ংক্ৰিয় ড্ৰাইভ ম’ডৰ…
Read More
দৈনন্দিন খোজক এক দেশজোৰা দৃষ্টি-যত্নৰ পদক্ষেপলৈ ৰূপান্তৰিত কৰিছে লেন্সকাৰ্টে

দৈনন্দিন খোজক এক দেশজোৰা দৃষ্টি-যত্নৰ পদক্ষেপলৈ ৰূপান্তৰিত কৰিছে লেন্সকাৰ্টে

লেন্সকাৰ্টে ১৫ আৰু ১৬ আগষ্টত সমগ্ৰ দেশজুৰি ‘দৃষ্টি কী দৌড়—ৰান ফৰ ভিজন’ শীৰ্ষক এক ভাৰ্চুৱেল কাৰ্যসূচী মুকলি কৰিছে। ভাৰতত চকুৰ চিকিৎসা সেৱাৰ প্ৰসাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সামাজিক অভিযানৰ সৈতে দৈনন্দিন ফিটনেছক সংযোগ কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই কাৰ্যসূচীৰ অধীনত লেন্সকাৰ্ট এপত লাভ কৰা তথ্যৰ আধাৰত অংশগ্ৰহণকাৰীসকলৰ খোজৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি লেন্সকাৰ্টে নিজৰ অ-লাভজনক সংস্থা লেন্সকাৰ্ট ফাউণ্ডেচনৰ জৰিয়তে পাৱাৰ থকা চশমা দান কৰিব। ২০,০০০ খোজ সম্পূৰ্ণ কৰা অংশগ্ৰহণকাৰীসকলে এযোৰ চশমা লাভ কৰিব, আনহাতে ৩০,০০০, ৪০,০০০ আৰু ৫০,০০০ খোজৰ বাবে যথাক্ৰমে দুযোৰ, তিনিযোৰ আৰু চাৰিযোৰ চশমা আগবঢ়াব। কোম্পানীটোৱে প্ৰকাশ কৰা মতে, বৰ্তমান…
Read More
নতুন টাৰ্ম ইঞ্চুৰেন্স প্লেনেৰে মহিলাৰ বিত্তীয় সুৰক্ষাক লক্ষ্য কৰি লৈছে আইচিআইচিআই প্ৰুডেন্সিয়েলে

নতুন টাৰ্ম ইঞ্চুৰেন্স প্লেনেৰে মহিলাৰ বিত্তীয় সুৰক্ষাক লক্ষ্য কৰি লৈছে আইচিআইচিআই প্ৰুডেন্সিয়েলে

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে আইচিআইচিআই প্ৰু আইপ্ৰটেক্ট স্মাৰ্ট হাৰ মুকলি কৰিছে, যি বিশেষভাৱে মহিলাৰ বাবে প্ৰস্তুত কৰা এক সৰ্বাংগীন টাৰ্ম ইঞ্চুৰেন্স প্লেন। ইয়াত জীৱনৰ সুৰক্ষাৰ সৈতে স্বাস্থ্য, সুস্থতা আৰু বিত্তীয় নমনীয়তাক একত্ৰিত কৰা হৈছে। এই বিকল্পই মহিলাসকলক আজীৱন প্ৰিমিয়ামত ১৫% ৰেহাই আৰু গৰ্ভাৱস্থাৰ সময়ত প্ৰিমিয়ামৰ দায়বদ্ধতা পৰিচালনা কৰাত সহায়ক হোৱাকৈ গৰ্ভাৱস্থাৰ বিৰতিৰ সুবিধা প্ৰদান কৰে। ই লগতে ২৫,০০০ টকা পৰ্যন্ত মূল্যৰ মহিলা-নিৰ্দিষ্ট স্বাস্থ্য পৰিচালনা আৰু সুস্থতা সেৱা আগবঢ়ায়। এই সেৱাসমূহৰ ভিতৰত আছে একাধিক বিশেষজ্ঞৰ সৈতে টেলি-কনচাল্টেচন, বাৰ্ষিক স্বাস্থ্য পৰীক্ষা, স্বাস্থ্যৰ বিপদাশংকা মূল্যায়ন, সুস্থতা সম্পৰ্কীয় সমল আৰু ফাৰ্মাচী তথা ডায়েগনষ্টিকছত ৰেহাই। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, এই ব্যৱস্থাৰ অধীনত থকা সামগ্ৰিক সুবিধাসমূহৰ…
Read More
প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে প্ৰ’শ্বিল্ড আৰু ভিপে ২.০ৰ জৰিয়তে মটৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ

প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে প্ৰ’শ্বিল্ড আৰু ভিপে ২.০ৰ জৰিয়তে মটৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ

পূৰ্বৰ বাজাজ এলিয়ান্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড, বৰ্তমানৰ বাজাজ জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে এটা পেকেজযুক্ত মটৰ বীমা সেৱা প্ৰ’শ্বিল্ড মুকলি কৰিছে। ইয়াৰ লগতে কোম্পানীটোৱে সংযোজিত বাহন আৰু ক্ৰমবৰ্ধমান গতিশীলতাৰ বিপদাশংকাসমূহক লক্ষ্য কৰি পৰৱৰ্তী প্ৰজন্মৰ মটৰ বীমা উপহাৰ ভিপে ২.০ মুকলি কৰিছে। প্ৰ’শ্বিল্ড-এ সামৰিক জীৱনৰ স্বকীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, যাৰ ভিতৰত সঘনাই হোৱা বদলি আৰু পোষ্টিঙৰ সময়ত বাহনৰ স্থানান্তৰকৰণ অন্যতম। এই সেৱাই বাহন স্থানান্তৰকৰণ সুৰক্ষা প্ৰদান কৰে, য’ত অনুজ্ঞাপত্ৰপ্ৰাপ্ত কেৰিয়াৰৰ জৰিয়তে পৰিবহন কৰা বাহনৰ বাবে পলিচী সম্প্ৰসাৰণ, যোগ্য ন' ক্লেইম বোনাছ সুৰক্ষা, বাহন দুৰ্ঘটনাৰ পিছত বিলম্ব হোৱা বিমান আৰু হোটেলৰ খৰচৰ বাবে ভ্ৰমণ জৰুৰীকালীন সুবিধা আৰু বীমাকাৰী তথা পত্নী/গিৰীয়েকৰ…
Read More
এই সাহায্য ৰাজ্যখনৰ বান সাহায্য আৰু পুনৰ্সংস্থাপন প্ৰচেষ্টাৰ বাবে আগবঢ়োৱা হৈছে

এই সাহায্য ৰাজ্যখনৰ বান সাহায্য আৰু পুনৰ্সংস্থাপন প্ৰচেষ্টাৰ বাবে আগবঢ়োৱা হৈছে

ইণ্ডিয়ান অভাৰচিজ বেংকে (IOB) ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ অধীনত অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। আইঅ'বি (IOB) ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ এটা প্ৰতিনিধি দলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই বৰঙণিৰ ধন হস্তান্তৰ কৰে। এই প্ৰতিনিধি দলটোত মুখ্য আঞ্চলিক প্ৰবন্ধক শ্ৰী ৰাজীৱ কুমাৰ, সহকাৰী মহাপ্ৰবন্ধক শ্ৰী অনুৰাগ সিং ক্ষত্ৰিয় আৰু মুখ্য প্ৰবন্ধক শ্ৰী পুষ্কৰ সিং আছিল। সাহায্য প্ৰচেষ্টাত বেংকৰ সহযোগিতা সম্পৰ্কে ইণ্ডিয়ান অভাৰচিজ বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া (CEO) শ্ৰী অজয় কুমাৰ শ্ৰীবাস্তৱে কয়, "এই সংকটৰ সময়ত বেংকে অসমৰ ৰাইজৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ…
Read More
পুনৰুদ্ধাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে বন্যাৰ্তক সহায়ৰ বাবে ১ কোটি টকাৰ বৰঙণি ইউনাইটেড ব্ৰুৱাৰিজৰ

পুনৰুদ্ধাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে বন্যাৰ্তক সহায়ৰ বাবে ১ কোটি টকাৰ বৰঙণি ইউনাইটেড ব্ৰুৱাৰিজৰ

হাইনেকেন কোম্পানীৰ অধীনস্থ ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)-এ অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ ক্ষিপ্ৰ কৰি তুলিবলৈ ১ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। চলিত বৰ্ষৰ বলিয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে চলাই থকা প্ৰচেষ্টাৰ অংশ হিচাপে কোম্পানীটোৱে এই অনুদান আগবঢ়ায়। মঙলবাৰে গুৱাহাটীত ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিবেক গুপ্তাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ১ কোটি টকাৰ অনুদানৰ চেকখন অৰ্পণ কৰে। এই ধনেৰে ভয়াৱহ বানত ঘৰ-দুৱাৰ, কৃষিভূমি আৰু আন্তঃগাঁথনি নষ্ট-ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ৰাজ্য চৰকাৰে চলাই থকা সাহায্য আৰু পুনৰ্সংস্থাপন কাৰ্যসূচীত বিশেষ সহায়ক হ’ব। বিবেক গুপ্তাই কয় যে, অসম সদায় ইউনাইটেড ব্ৰুৱাৰিজ(ইউবিএল)ৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ…
Read More
ভাৰতীয় বজাৰত এতিয়া উপলব্ধ এইচপি অম্নিপেড ১২, মূল্য ৪৮,৯৯৯ টকা; শিক্ষাৰ্থী আৰু এমএছএমইৰ বাবে হ’ব বিশেষ সুবিধা

ভাৰতীয় বজাৰত এতিয়া উপলব্ধ এইচপি অম্নিপেড ১২, মূল্য ৪৮,৯৯৯ টকা; শিক্ষাৰ্থী আৰু এমএছএমইৰ বাবে হ’ব বিশেষ সুবিধা

এইচপি ইণ্ডিয়াই ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি কৰিছে এইচপি অম্নিপেড ১২—যি এক ২-ইন-১ ডিভাইচ। এই ডিভাইচটো বিশেষকৈ ছাত্ৰ-ছাত্ৰী, প্ৰথমবাৰ ব্যৱহাৰকাৰী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু যুৱ কৰ্মজীৱীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যিসকলে লেপটপৰ দৰে কাম কৰাৰ সুবিধা আৰু টেবলেটৰ দৰে কঢ়িয়াই লৈ ফুৰাৰ সহজ উপায় বিচাৰে। ইয়াত এটা ডিটাচেবল (খুলিব পৰা) কি’বৰ্ড আছে, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে প্ৰয়োজন অনুসৰি ইয়াক টাচ-ভিত্তিক টেবলেট বা লেপটপ ষ্টাইলতো ব্যৱহাৰ কৰিব পাৰে। এই ডিভাইচটো কোৱালকম স্নেপড্ৰেগন প্ৰচেছৰ আৰু এণ্ড্ৰইড ১৬ অপাৰেটিং চিষ্টেমৰ দ্বাৰা পৰিচালিত। এইচপি অম্নিপেড ১২ত আছে ১২ ইঞ্চিৰ ২কে মাল্টি-টাচ্চ ডিচপ্লে, যাৰ এছপেক্ট ৰেছিঅ’ ১৬:১০, ব্ৰাইটনেছ ৪০০ নিটছ পৰ্যন্ত আৰু ৰিফ্ৰেছ ৰেট ৯০হাৰ্টজ পৰ্যন্ত।…
Read More
জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ৬০,০০০ টকালৈকে অফাৰ প্ৰদান কৰি উদযাপন কৰিছে হেক্টৰ বাহনৰ সপ্তম বাৰ্ষিকী

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ৬০,০০০ টকালৈকে অফাৰ প্ৰদান কৰি উদযাপন কৰিছে হেক্টৰ বাহনৰ সপ্তম বাৰ্ষিকী

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতত এমজি হেক্টৰ বাহনৰ সাত বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এক সীমিত সময়ৰ বাবে বাৰ্ষিকী বিশেষ কাৰ্যসূচী ঘোষণা কৰিছে, যাৰ অধীনত আগষ্ট মাহৰ ভিতৰত কৰা যোগ্য বুকিঙৰ ওপৰত গ্ৰাহকসকলক ৬০,০০০ টকালৈকে লাভালাভ প্ৰদান কৰা হ’ব। এই কাৰ্যসূচীত এমজি হেক্টৰৰ সকলো ৰেঞ্জত এক্সচেঞ্জ বেনিফিট, লয়েল্টি ৰিৱাৰ্ড, কৰ্পৰেট বেনিফিট আৰু বাৰ্ষিকী ৰেহাই অন্তৰ্ভুক্ত কৰা হৈছে।নতুন ষ্টাইল, উন্নত প্ৰযুক্তি আৰু বৰ্ধিত আৰামদায়ক সুবিধাৰে এই বছৰৰ আৰম্ভণিতে মুকলি কৰা অল-নিউ এমজি হেক্টৰৰ মূল্য ১১.৯৯ লাখ টকা(এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হৈছে। গ্ৰাহকসকলে ৮৪ মাহ পৰ্যন্ত সময়সীমাৰ বাবে ১০০% অন-ৰোড মূল্যৰ অৰ্থসাহায্য লাভ কৰাৰ লগতে এক্সেছৰিজতো ১০০% অৰ্থসাহায্যৰ সুবিধা লাভ কৰিব পাৰিব।জেএছডব্লিউ এমজি মটৰ…
Read More
এছবিআইৰ প্ৰথম ত্ৰৈমাসিকত ২১,১২১ কোটি টকাৰ সৰ্বোচ্চ লাভ অৰ্জন

এছবিআইৰ প্ৰথম ত্ৰৈমাসিকত ২১,১২১ কোটি টকাৰ সৰ্বোচ্চ লাভ অৰ্জন

ষ্টেট বেংক অৱ ইণ্ডিয়াই শুকুৰবাৰে ২০২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ২১,১২১ কোটি টকাৰ সৰ্বোচ্চ ত্ৰৈমাসিক লাভ অৰ্জনৰ খতিয়ান দাঙি ধৰিছে। অধিক পৰিচালনা লাভ, শক্তিশালী ঋণ বৃদ্ধি আৰু কম ঋণ ব্যয়ৰ বাবে বেংকটোৱে বাৰ্ষিক ১০.২৩ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। দেশৰ এই সৰ্ববৃহৎ ঋণদাতা প্ৰতিষ্ঠানটোৱে পৰিচালনা লাভতো ৯.৭৭ শতাংশ বৃদ্ধিৰে ৩৩,৫২৯ কোটি টকা আৰু মুঠ সুত উপাৰ্জনৰ ক্ষেত্ৰত ১৪.৮৮ শতাংশ বৃদ্ধিৰে ৪৬,৯৯২ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।এই ত্ৰৈমাসিকত বেংকৰ মুঠ ব্যৱসায়ে ১১০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত জমা ধনৰ পৰিমাণ ৬০ লাখ কোটিতকৈও অধিক আৰু অগ্ৰিম ঋণৰ পৰিমাণ ৫০ লাখ কোটি…
Read More
এমএছএমইত ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বাবে গুৱাহাটীৰ কৰ বিশেষজ্ঞক স্বীকৃতি-সম্বৰ্ধনা জ্ঞাপন

এমএছএমইত ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বাবে গুৱাহাটীৰ কৰ বিশেষজ্ঞক স্বীকৃতি-সম্বৰ্ধনা জ্ঞাপন

এমএছএমই উদ্যোগসমূহৰ মাজত প্ৰযুক্তি গ্ৰহণ-ব্যৱহাৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰা আৰু একাউণ্টিং তথা কৰ অনুপালন পদ্ধতিৰ উন্নয়ন সাধনত আগবঢ়োৱা অৱদানৰ বাবে টেলী চল্যুচনছে গুৱাহাটীৰ ১২ গৰাকী কৰ আৰু একাউণ্টিং পেচাদাৰীক সন্মানিত কৰে। টেলীৰ টেক্স এণ্ড একাউণ্টিং টাইটানছ অনুষ্ঠানত এই পেচাদাৰীসকলক তিনিটা শ্ৰেণী— একাউণ্টিং মেষ্ট্ৰ’, ইমাৰ্জিং ষ্টাৰ আৰু টেক ইন'ভেটৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।একাউণ্টিং মেষ্ট্ৰ’ শ্ৰেণীত এমএছএমইলৈ সেৱা আগবঢ়োৱা তথা ১৫ বছৰতকৈ অধিক অভিজ্ঞতা থকা পেচাদাৰীসকলক স্বীকৃতি প্ৰদান কৰা হয়, আনহাতে ইমাৰ্জিং ষ্টাৰ শ্ৰেণীত পাঁচ বছৰতকৈ কম সময় ধৰি কৰ্মৰত থকা জিএছটি অনুশীলনকাৰীসকলক সন্মানিত কৰা হয়। টেক ইন'ভেটৰ শ্ৰেণীটোৱে সেৱা প্ৰদান আৰু ব্যৱসায়িক দক্ষতা বৃদ্ধিৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা পেচাদাৰীসকলক স্বীকৃতি…
Read More