অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত ২০০৬ চনত প্রতিষ্ঠিত সমীৰণ চাহ উদ্যোগে নতুন দিল্লীৰ নয়দাৰ ভুটানী আলফাঠুমত বাণিজ্যিক কেন্দ্ৰ স্থাপনেৰে সেউজী সোণৰ বিকাশ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হয়।
নয়দাৰ ভুটানী আলফাঠুমৰ চেক্টৰ ৯০ আজি নতুন কার্যালয় উদ্বোধন কৰি ৰাজ্যৰ অগ্ৰণী চাহ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে কেইবাবিধ চাহৰ বিপনন আৰম্ভ কৰিছে।দুশ বছৰীয়া চাহ উদ্যোগৰ অভিজ্ঞতা আৰু অসমৰ জলবায়ুৰে সংপৃক্ত বিভিন্ন সুঘ্ৰাণযুক্ত চাহৰ ভিতৰত আজি মুকলি কৰা হয় জৈৱিক চাহ,মছলা চাহ আৰু নামৃ টিৰ গিফটিং ব্ৰেণ্ড ।
নয়ডাত নতুন কার্যালয় স্থাপনৰ যোগেদি উত্তৰ ভাৰতত সমীৰণ চাহৰ বিপনন শক্তিশালী কৰা আৰু এই অঞ্চলৰ ব্যৱসায়িক সহযোগী, খুচুৰা বিক্রেতা তথা গ্রাহকসকলৰ সৈতে অধিক সু-সম্পর্ক গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে। এই পদক্ষেপে প্রতিষ্ঠানটোৰ পৰিচালনাগত সম্প্ৰসাৰণৰ লগতে অসমৰ চাহৰ ঐতিহ্য আৰু গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা নতুন সামগ্ৰীৰ পৰিসৰো প্ৰতিফলিত কৰিছে।উল্লেখ্য যে ৰাজ্যৰ অগ্ৰণী চাহ খেতিয়ক
প্রয়াত নৰেন শৰ্মাই ২০০৬ চনত প্ৰতিষ্ঠা কৰা সমীৰণ চাহ উদ্যোগৰ যাত্ৰাৰ মূল আধাৰ আছিল অসমৰ সমৃদ্ধ চাহ উৎপাদনৰ পৰম্পৰা আৰু গুণগত মানৰ প্ৰতি দায়বদ্ধতা। প্রতিষ্ঠানটোৰ মূল দৰ্শন হৈছে চাহ বাগিচাৰ পৰা গ্ৰাহকৰ কাপলৈকে চাহৰ সমগ্ৰ যাত্রাক গুৰুত্ব প্ৰদান কৰা।সমীৰণ চাহৰ উৎপাদন কৰা হয় নিজা চাহ বাগিচাত।তদুপৰি কৰ্তৃত্বশীল মহলৰ পৰা জৈৱিক চাহ প্ৰস্তুতকাৰী ৰূপে স্বীকৃতি লাভ কৰা সমীৰণ চাহ উদ্যোগে চাহৰ গুণগত মান পৰীক্ষাৰ ক্ষেত্রত ৫৮৯টা পৰীক্ষাৰ পৰা ইতিবাচক প্ৰতিবেদন লাভ কৰা বুলি উল্লেখ কৰা হৈছে। পৰম্পৰাগত চাহৰ লগতে প্রতিষ্ঠানটোৱে বিভিন্ন আঞ্চলিক সোৱাদ, নির্বাচিত উপাদান আৰু আধুনিক গ্ৰাহকৰ পছন্দৰ সৈতে সংগতি ৰাখি নিজৰ সামগ্ৰীৰ পৰিসৰ সম্প্ৰসাৰণ কৰি আহিছে।সমীৰণ চাহ উদ্যোগে সম্প্ৰতি ১০ বিধ সুকীয়া সুঘ্ৰাণৰ জৈৱিক চাহ উৎপাদন কৰি নয়ডা কার্যালয়ত বিপননৰ বাবে মজুত ৰাখিছে। চাহপ্ৰেমীক আকর্ষণ কৰিব পৰা বিভিন্ন উপাদান, সোৱাদ আৰু দৈনন্দিন চাহৰ অভিজ্ঞতাক লক্ষ্য কৰি এই ব্ৰেণ্ড প্রস্তুত কৰা হৈছে।জানিব পৰামতে, আয়ুৰ শ্লীম,(Ayur Slim),
অমৃত শুদ্ধি (Amrit Suddhi),পাচন শক্তি (Pachan Shakti),ৰক্ষক কাঢ়া (Rakshak Kadha),আৰোগ্য থাইৰো (Arogya Thyro),শ্বি ৱেলনেছ (She Wellness),আয়ু গ্লো (Ayuu Glow),নিৰ্বাণ (Nirvana),গ্লুকো বেদ (Gluco Veda),কাশ্মীৰী কাহৱা (Kashmiri Kahwa) আদি চাহ গ্ৰাহকৰ প্ৰথম পচন্দৰ।
আনহাতে সজিনা,জবা,পদিনা,নেমু ঘাঁহ, জনি, মৌৰী,আদা,গিলয় (গুলঞ্চ),তুলসী,আমলখি,অশ্বগন্ধা,শতাৱৰী আদি সুঘ্ৰাণ মিশ্ৰিত চাহৰ সহজলভ্যতাৰ বাবে নয়দাৰ কাৰ্যালয় নিৰ্ভৰযোগ্য স্থান বুলি মন্তব্য কৰিছে সমীৰণ চাহ উদ্যোগৰ অন্যতম সঞ্চালক ধীৰাজ শৰ্মাই। সম্প্ৰতি প্ৰয়াত নৰেন শৰ্মাৰ অবৰ্তমানত অসমত ধীৰাজ শৰ্মাৰ লগতে পোলেন শৰ্মা সমীৰণ চাহ উৎপাদনত নিৰন্তৰ ভাৱে ব্যস্ত হৈ পৰিছে।আজি বিপনন প্ৰতিষ্ঠানৰ মুকলি উপলক্ষে সমীৰণ চাহ উদ্যোগৰ অন্যতম সঞ্চালক ধীৰাজ শৰ্মাই কয়, “আমাৰ নয়ডা কাৰ্যালয়ৰ উদ্বোধন সমীৰণ চাহ উদ্যোগৰ বিকাশ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। আমাৰ চাহ বাগিছা আৰু মোৰ পিতৃ প্ৰয়াত নৰেন শৰ্মাৰ সপোনৰ সৈতে আমাৰ শিপা গভীৰভাৱে সংযুক্ত, যাৰ জৰিয়তে এই যাত্ৰাৰ আৰম্ভণি হৈছিল। নতুন বজাৰলৈ সম্প্ৰসাৰিত হোৱাৰ সময়ত আমাৰ দায়িত্ব হৈছে এই ঐতিহ্যক আগুৱাই নিয়াৰ লগতে গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দৰ সৈতে নিজকে খাপ খুৱাই লোৱা। আমি বিচাৰোঁ যে গ্রাহকসকলে অসমৰ চাহৰ বৈচিত্র্য, ইয়াক প্ৰস্তুত কৰাত লোৱা যত্ন আৰু আমাৰ প্ৰতিটো ব্লেণ্ডৰ আঁৰৰ চিন্তাধাৰা অনুভৱ কৰিব পাৰে। এই নতুন কার্যালয় আৰু সম্প্ৰসাৰিত প্ৰডাক্ট প’ৰ্টফ’লিঅ’ আমাৰ সেই প্ৰতিশ্ৰুতিৰ পৰৱৰ্তী অধ্যায়।”
নয়ডা কার্যালয় উদ্বোধনৰ সৈতে Samiran Tea-ৰ নতুন প্রডাক্ট প’র্টফ’লিঅ’ উন্মোচন, ১০ বিধ হার্বেল টি ব্লেন্ডে লাভ কৰিলে বিশেষ গুৰুত্ব
