07
Oct
স্কোডা অট' ইণ্ডিয়াই নতুন শ্লেভিয়া বাহনৰ মূল্য সদৰি কৰিছে, য’ত উন্নীতকৰণ কৰা চেডানখনৰ মূল্য ৯.৯৯ লাখ টকা(এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হৈছে আৰু অহা সপ্তাহৰ পৰা বাহনখনৰ ডেলিভাৰী আৰম্ভ হ’ব। ভাৰতৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এমকিউবি-এ০-আইএন প্লেটফৰ্মৰ ওপৰত প্ৰস্তুত নতুন শ্লেভিয়াখন ৬টা ট্ৰিম ক্ৰমে— ক্লাছিক, ক্লাছিক+, চিগনেশ্বাৰ, স্পৰ্টলাইন, প্ৰেষ্টিজ আৰু মণ্টে কাৰ্লোত উপলব্ধ কৰা হৈছে। ইয়াৰ ১.০ টিএছআই ইঞ্জিনটো এটা ছয়-স্পীড মেনুৱেল আৰু এটা নতুন আঠ-স্পীড টৰ্ক কনভাৰ্টাৰ অ’টমেটিকৰ সৈতে উপলব্ধ হ'ব, যাক এই শ্ৰেণীত প্ৰথম বুলি দাবী কৰা হৈছে; আনহাতে ১.৫ টিএছআই ইঞ্জিনটো এটা সাত-স্পীড ডিএছজিৰ সৈতে সংযোজিত কৰা হৈছে।বাহনখনে নতুন এলইডি হেডলেম্প আৰু টেইললেম্প, চিকুৱেন্সিয়েল ৰিয়াৰ ইণ্ডিকেটৰ, মডিফাইড বাম্পাৰ, এটা…
