বি পি অইল মিলছ লিমিটেড(বিপিঅ’এম)ৰ ফ্লেগশ্বিপ ব্ৰেণ্ড হাথী এডিবল অইলে জনপ্ৰিয় অভিনেতা অনুপম খেৰক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। অভিনেতাজনক জড়িত কৰি ১১৪ বছৰীয়া কোম্পানীটোৱে বজাৰত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰিবলৈ আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছে।
১৯১২ চনত স্থাপিত হাথী এডিবল অইল হৈছে ভাৰতৰ পেকেটযুক্ত ভোজ্য তেলৰ শ্ৰেণীৰ এক অন্যতম অগ্ৰদূত। ব্ৰেণ্ডটোৰ ঐতিহ্যক অধিক সুদৃঢ় কৰাৰ লগতে ইয়াক এক আধুনিক পৰিচয় দিয়া আৰু যুৱ গ্ৰাহকসকলৰ সৈতে সংযোগ স্থাপন কৰাৰ উদ্দেশ্যে অনুপম খেৰৰ সৈতে এই চুক্তি কৰা হৈছে।
কোম্পানীটোৱে সৰিয়হ, বাদাম আৰু ছয়াবিন তেলৰ শ্ৰেণীত নতুন পেকেজিঙো মুকলি কৰিছে, য’ত কচ্চি ঘানি মিঠা তেল ইয়াৰ মুখ্য সামগ্ৰী হিচাপে অটুট আছে। ব্ৰেণ্ডটোৰ মূল বাৰ্তা বা প্ৰতিশ্ৰুতি হৈছে— হাথী অইল, স্বাদ জো ঘৰ লে আয়ে।
২.৫ লাখতকৈও অধিক খুচুৰা বিক্ৰেতা আৰু ৪,৫০০ৰো অধিক বিতৰক তথা ডিলাৰৰ নেটৱৰ্কৰ জৰিয়তে হাথীৰ সামগ্ৰীসমূহ বিতৰণ কৰা হয়। কোম্পানীটোৱে ২৫তকৈও অধিক নিজা ডিপ’ পৰিচালনা কৰে আৰু আমাজন, ফ্লিপকাৰ্ট, ব্লিংকইট, বিগ বাস্কেট আৰু জেপ্টোৰ দৰে ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তেও সামগ্ৰীসমূহ বিক্ৰী কৰে।
বি পি অইল মিলছ লিমিটেডৰ বৰ্তমানৰ বাৰ্ষিক লেনদেন ১,০০০ কোটি টকাতকৈ অধিক আৰু অহা এবছৰত কোম্পানীটোৱে ৩৫-৪০ শতাংশ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ উপৰিও কোম্পানীটোৱে আন অতিৰিক্ত এফএমচিজি শ্ৰেণীত ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনাও অন্বেষণ কৰি আছে।
পৰিচালন সঞ্চালক ভৰত ভগত আৰু সঞ্চালক অনিৰুদ্ধ ভগতে কয় যে, এই অংশীদাৰিত্ব আৰু নতুন পেকেজিঙে ব্ৰেণ্ডটোৰ পৰিচয় অধিক শক্তিশালী কৰাত সহায় কৰিব আৰু ভৱিষ্যতৰ ব্যৱসায়িক বৃদ্ধিৰ পৰিকল্পনাসমূহক সমৰ্থন আগবঢ়াব।
জ্যেষ্ঠ অভিনেতা অনুপম খেৰক হাথী এডিবল অইলৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ, ৩৫-৪০% ব্যৱসায়িক বৃদ্ধিৰ লক্ষ্য
