27
May
২৫ বছৰীয়া এক নতুন উপগ্ৰহীয় অধ্যয়নে প্ৰকাশ কৰিছে যে বিগত দুটা দশকত উত্তৰ-পূব ভাৰতত প্ৰদূষণৰ মাত্ৰা তীব্ৰ গতিত বৃদ্ধি পাইছে। জৈৱ উপাদান দহন আৰু ঝুম খেতিৰ সৈতে জড়িত কাৰ্বনেচিয়াছ এৰ'ছল বৃদ্ধি পোৱাৰ বাবে অঞ্চলটোৰ বেছিভাগ অংশই এতিয়া "প্ৰদূষিত" শ্ৰেণীৰ পৰা "অধিক প্ৰদূষিত" শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। 'এটমচফেৰিক এনভাইৰনমেণ্ট' নামৰ আলোচনীত প্ৰকাশিত এই গৱেষণাৰ বসু ইনষ্টিটিউটৰ অধ্যাপক অভিজিৎ চেটাৰ্জী আৰু গৱেষক সৌমেন ৰাউলে নেতৃত্ব দিছিল। এই অধ্যয়নত ২০০০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ইণ্ডো-গংগা সমভূমি, উত্তৰ-পূব ভাৰত আৰু হিমালয় অঞ্চলৰ পাৰ্টিকুলেট মেটাৰ(প্ৰদূষক কণা)ৰ প্ৰৱণতা বিশ্লেষণ কৰা হৈছিল। তথ্য অনুসৰি, পূৰ্বৱৰ্তী দশকৰ তুলনাত ২০১০-২০১৯ বৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত পাৰ্টিকুলেট মেটাৰৰ অৰ্গেনিক কাৰ্বন আৰু ছালফেটৰ…
