গুৱাহাটীত সফল প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰাৰ পিছত উত্তৰ-পূবৰ ওপৰত মনোযোগ বৃদ্ধি কৰিছে ইণ্ডিয়ান চিল্ক হাউচ এজেন্সীজে

পূব ভাৰতৰ অন্যতম আগশাৰীৰ শাৰী বিক্ৰেতা প্ৰতিষ্ঠান ‘ইণ্ডিয়ান চিল্ক হাউচ এজেন্সীজ’-এ গুৱাহাটীত ব্যৱসায়িক পৰিচালনাৰ এবছৰ সম্পূৰ্ণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ স্থিতি শক্তিশালী কৰাৰ লগতে সংগঠিত শাৰী খুচুৰা বজাৰত নিজৰ পৰিসৰ বৃদ্ধি কৰিছে। কোম্পানীটোৱে জনোৱা মতে, বিগত বৰ্ষটোত গুৱাহাটী মহানগৰীৰ আউটলেটটো অঞ্চলটোৰ শাৰী ক্ৰেতাসকলৰ বাবে এক প্ৰিয় স্থান হিচাপে পৰিগণিত হৈছে, যাৰ ফলত ব্ৰেণ্ডটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ সৈতে সম্পৰ্ক অধিক গভীৰ কৰাত সহায়-সমৰ্থন লাভ কৰিছে। বিপণীখনৰ এই সফলতাৰ লগতে অলপতে বৰাক উপত্যকাৰ শিলচৰত মুকলি কৰা নতুন আউটলেটটোৱে মাত্ৰ ১২ মাহৰ ভিতৰতে কোম্পানীটোৰ উত্তৰ-পূবৰ উপস্থিতি দুখন চহৰলৈ সম্প্ৰসাৰিত কৰিছে।
উত্তৰ-পূবৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰসমূহৰ অন্যতম গুৱাহাটীত অৱস্থিত এই ষ্টৰে বেংগলৰ কাঁথা, বালুচৰি, মটকা আৰু টচৰৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা কাঞ্জিভৰম, বেনাৰসী, পৈঠানী আৰু বান্ধেজ শাৰীকে ধৰি বিভিন্ন ধৰণৰ পৰম্পৰাগত ভাৰতীয় বয়ন বস্ত্ৰ সম্ভাৰ আগবঢ়াইছে। ইণ্ডিয়ান চিল্ক হাউচ এজেন্সীজে বৰ্তমান সমগ্ৰ দেশৰ ৬০তকৈও অধিক বয়ন ক্লাষ্টাৰৰ ১৫,০০০ তকৈও অধিক শিপিনীৰ সৈতে কাম কৰি আছে। প্ৰতিষ্ঠানটোৱে ব্যৱসায়িক সম্প্ৰসাৰণ পৰিকল্পনাও হাতত লৈছে আৰু ২০৩০ চনৰ ভিতৰত সমগ্ৰ ভাৰতত ৫০০খন ষ্টৰৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আছে। ইয়াৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি ৭ৰ পৰা ১০ দিনৰ মূৰে মূৰে নতুন আউটলেট মুকলি কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
গুৱাহাটীত বিপণীখনৰ প্ৰতি লাভ কৰা তীব্ৰ সঁহাৰিয়ে চহৰখনত সংগঠিত এথনিক পৰিধানৰ খুচুৰা বজাৰ আৰু প্ৰিমিয়াম পৰম্পৰাগত বস্ত্ৰৰ ক্ৰমবৰ্ধমান চাহিদাকে প্ৰতিফলিত কৰিছে। খুচুৰা বজাৰ পৰ্যবেক্ষকসকলৰ মতে, গুৱাহাটী মহানগৰী ক্ৰমান্বয়ে উত্তৰ-পূবৰ এক প্ৰধান ফেশ্বন আৰু লাইফষ্টাইল হাব হিচাপে গঢ়ি উঠিছে, যিয়ে গ্ৰাহকৰ ক্ৰমবৰ্ধমান ব্যয় আৰু প্ৰামাণিক হস্তশিল্পজাত সামগ্ৰীৰ চাহিদাক ব্যৱহাৰ কৰিব বিচৰা ব্ৰেণ্ডসমূহক আকৰ্ষিত কৰিছে। এই মাইলৰ খুঁটি সন্দৰ্ভত মন্তব্য কৰি মুখ্য কাৰ্যবাহী বিষয়া দৰ্শন দুধোৰিয়াই কয় যে, উত্তৰ-পূৰ্বাঞ্চলত সংগঠিত শাৰীৰ খুচুৰা বজাৰৰ অভাৱ আছিল বুলি বিশ্বাস কৰিয়েই কোম্পানীটোৱে গুৱাহাটীত প্ৰৱেশ কৰিছিল আৰু এই ইতিবাচক সঁহাৰিয়ে ব্ৰেণ্ডটোক সমগ্ৰ অঞ্চলটোতে অধিক সম্প্ৰসাৰণ কৰিবলৈ উৎসাহিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *