সম্প্ৰসাৰণ ঘটিল অসম মন্ত্ৰীসভাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত আজি স্থান লাভ কৰে কেইবাগৰাকীও নতুন বিধায়কে। বৰাক-ব্ৰহ্মপুত্ৰৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিক চামিল কৰি সম্প্ৰসাৰণ ঘটোৱা নতুন মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰে ১২ জন বিধায়কে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দুপৰীয়া ১২:৪৫ বজাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এই নতুন মন্ত্ৰীসকলৰ ভিতৰত চাৰিগৰাকী বিধায়কে প্ৰথমবাৰৰ বাবে কেবিনেটত স্থান লাভ কৰে।
এই নতুন সম্প্ৰসাৰণৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাক ধৰি অসম মন্ত্ৰী পৰিষদৰ মুঠ সদস্যৰ সংখ্যা এতিয়া ১৭ গৰাকীলৈ বৃদ্ধি পাইছে। সাংবিধানিক নিয়ম অনুসৰি, ১২৬ জনীয়া অসম বিধানসভাত মন্ত্ৰীসভাৰ সৰ্বাধিক সদস্য সংখ্যা ১৯ গৰাকী হ’ব পাৰে। এইবাৰ নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা চাৰিখন নতুন মুখ হ’ল ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক অশ্বিনী ৰয় সৰকাৰ, নীলিমা দেৱী, সুশান্ত বৰগোহাঁই আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ইয়াৰ লগতে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তয়ো আজি মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
আনহাতে, পূৰ্বৰ চৰকাৰখনত মন্ত্ৰী হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা অশোক সিংহল, ৰণোজ পেগু, বিমল বৰা, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু পীয়ূষ হাজৰিকাইয়ো পুনৰ নতুন মন্ত্ৰী পৰিষদত স্থান লাভ কৰে। উল্লেখনীয় যে, ইয়াৰ পূৰ্বেই অতুল বৰা, চৰণ বড়ো, অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে ইতিমধ্যে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। বৰ্তমান এই নতুন কেবিনেটখনত মুখ্যমন্ত্ৰীৰ উপৰিও বিজেপিৰ ১৩ গৰাকী, অসম গণ পৰিষদৰ দুগৰাকী আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ এগৰাকী মন্ত্ৰী প্ৰতিনিধিত্ব কৰি আছে।
নতুন মন্ত্ৰীসভাত ৰাজ্যৰ বিভিন্ন অঞ্চল আৰু জনগোষ্ঠীৰ বিধায়কক অন্তৰ্ভুক্ত কৰিছে চৰকাৰে। কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে বৰাক উপত্যকাক প্ৰতিনিধিত্ব কৰিছে। আনহাতে, চৰণ বড়ো আৰু বিশ্বজিৎ ডৈমাৰীয়ে বড়ো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে। একেদৰে ৰণোজ পেগুৱে মিচিং জনগোষ্ঠী, অশ্বিনী ৰয় সৰকাৰে কোচ-ৰাজবংশী আৰু সুশান্ত বৰগোহাঁইয়ে আহোম সম্প্ৰদায়ক কেবিনেটত প্ৰতিনিধিত্ব কৰিছে। ভৌগোলিক দৃষ্টিকোণৰ পৰাও এই কেবিনেটত উজনি, নামনি, মধ্য, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ বিধায়ক অন্তৰ্ভুক্ত হৈছে।
