কোচিং প্ৰতিষ্ঠানৰ সংঘাত! হত্যাৰ চেষ্টাৰ গোচৰত অভিযুক্ত প্ৰখ্যাত শিক্ষক খান ছাৰ

কোচিং প্ৰতিষ্ঠানসমূহৰ মাজত চলি থকা চৰম ব্যৱসায়িক শত্ৰুতাই এতিয়া বিপাঙত পেলাইছে দেশৰ এগৰাকী অত্যন্ত জনপ্ৰিয় শিক্ষক ফয়জল খান ওৰফে খান ছাৰক। বিহাৰৰ পাটনা চহৰৰ কদমকুৱা থানা অন্তৰ্গত মুছল্লাপুৰ হাট এলেকাত শেহতীয়াভাৱে সংঘটিত এক হিংসাত্মক কাণ্ডৰ পাছতে আৰক্ষীয়ে হত্যাৰ চেষ্টা আৰু অস্ত্ৰ আইনৰ অধীনত এক গুৰুতৰ গোচৰ ৰুজু কৰিছে খান ছাৰৰ বিৰুদ্ধে। মঙলবাৰে নিশা সংঘটিত এই ঘটনাৰ পাছতে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে চৰকাৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰথম অৱস্থাত ১৫ ৰ পৰা ২০ জনীয়া এটা অচিনাকি দলে খান ছাৰৰ প্ৰতিষ্ঠানটোত উপৰ্যুপৰি শিলগুটি নিক্ষেপ আৰু ব্যাপক আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণৰ ঘটনাত প্ৰতিষ্ঠানটোৰ এজন নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয়। এই কাণ্ডৰ পাছতে প্ৰতিদ্বন্দী ‘জ্ঞান বিন্দু একাডেমী’ৰ বিৰুদ্ধে খান ছাৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ এজাহাৰৰ ভিত্তিত জ্ঞান বিন্দু একাডেমীৰ সঞ্চালক ৰৌশন আনন্দ আৰু তেওঁৰ দুজন সতীৰ্থক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি আদালতৰ নিৰ্দেশত এই আটাইকেইজন অভিযুক্ত ন্যায়িক জিম্মাত আছে।

ইফালে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰূপ পোহৰলৈ আহে। উক্ত ভিডিঅ’টোত খান ছাৰৰ নিজৰ প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষীয়েহে সংঘাতৰ সময়ত আকাশলৈ গুলীচালনা কৰা দেখা গৈছে। এই গুৰুতৰ প্ৰমাণ লাভ কৰাৰ পাছতে কদমকুৱা থানাৰ আৰক্ষীয়ে খান ছাৰৰ দুজন নিৰাপত্তাৰক্ষীক আটক কৰাৰ লগতে তেওঁলোকৰ আগ্নেয়াস্ত্ৰও জব্দ কৰে। নিৰাপত্তাৰক্ষী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অৱশেষত মূল অভিযুক্ত হিচাপে খান ছাৰৰ বিৰুদ্ধে এই গুৰুতৰ গোচৰ ৰুজু কৰে আৰক্ষীয়ে। এই চৰম সংঘাতৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত এতিয়াও অব্যাহত আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *