মহানগৰীত জীৱন্তে অগ্নিদগ্ধ চাৰিজন

জালুকবাৰীৰ জয়মতী নগৰত  নিশা সংঘটিত হোৱা  বিধ্বংসী অগ্নিকাণ্ডত একেটা পৰিয়ালৰ চাৰিজন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। মৃত লোককেইজন হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাসিন্দা আব্দুল কুদ্দুছ (৬৫), কাজলী বেগম (৪০), ছফিকুল আলী (৩০) আৰু চাহিদ আলী (১২)। নিশা দুই বজাৰ পিছত এই অগ্নিকাণ্ড সংঘটিত হৈছে ।  হঠাতে সেই ভাড়াঘৰ কেইটাত এটা কোঠাত   জুইৰ সূত্ৰ পাত হয় । তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত
মুহূৰ্ততে জুইৰ লেলিহান শিখাই গোটেই কোঠালি কেইটা আগুৰি ধৰে। ভাড়াঘৰ কেইটাত থকা আন লোকসকলে ঘৰৰ পৰা ওলাই আহি প্ৰাণ ৰক্ষা কৰে যদিও পৰিয়ালটোৰ  চাৰিজন সদস্য বাহিৰলৈ ওলাই আহিব নোৱাৰাত জীৱন্তে  অগ্নিদগ্ধ হৈ কৰুণ ভাৱে মৃত্যুক সাৱটি হয়

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *