চিকিৎসালয়ৰ মৰ্গত পিতৃৰ নিথৰ দেহ! মৃত্যুৰ খবৰ গোপনে ৰাখি সম্পন্ন হ’ল কন্যাৰ বিয়া

চিকিৎসালয়ৰ শীতল মৰ্গত তেতিয়া পৰি আছিল পিতৃৰ নিথৰ দেহ! ইফালে ঘৰৰ চোতালত চলি আছিল কন্যাৰ বিয়াৰ মাংগলিক কাৰ্যসূচী! বিয়াৰ আনন্দ-উৎসৱৰ মাজতে কন্যাৰ পিতৃৰ আকস্মিক মৃত্যু হোৱাত মাতৃ আৰু কইনাৰ অজ্ঞাতেই মৃতদেহ মৰ্গত ৰাখি বিবাহ সম্পন্ন কৰা এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰ জিলাত।

উদয়পুৰৰ ঋষভদেৱ মহকুমাৰ অন্তৰ্গত পাটিয়াৰ (ভূধৰ) গাঁৱৰ শংকৰলাল মেঘৱালৰ (৫১) জ্যেষ্ঠ কন্যা প্ৰিয়ংকাৰ যোৱা ২০ নৱেম্বৰত আছিল বিয়া। আহমেদাবাদৰ এটা ব্যক্তিগত কোম্পানীত গাড়ীচালক হিচাপে কৰ্মৰত শংকৰলালৰ দুই কনিষ্ঠ পুত্ৰও আছে। জ্যেষ্ঠ কন্যাৰ বিয়া উপলক্ষে ঘৰখনত বিৰাজ কৰিছিল এক উৎসৱমুখৰ পৰিৱেশে। নিশা বিয়াৰ পৰম্পৰাগত শোভাযাত্ৰাত শংকৰলালে অতিশয় উছাহেৰে অংশগ্ৰহণ কৰি নৃত্যও কৰিছিল। কিন্তু এই আনন্দৰ মুহূৰ্ত শেষ হোৱাৰ প্ৰায় এঘণ্টা পিছতে হঠাৎ বুকুত তীব্ৰ বিষ অনুভৱ কৰি সংজ্ঞাহীন হৈ বাগৰি পৰে শংকৰলাল।

পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক ঋষভদেৱ চিকিৎসালয়লৈ লৈ যায় যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উদয়পুৰ চহৰৰ এমবি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু এমবি চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে শংকৰলালক মৃত ঘোষণা কৰে। বিয়াৰ মাজতে ঘৰৰ মুৰব্বীজনৰ আকস্মিক বিয়োগত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰে যদিও ধৈৰ্য ধৰি এক কঠিন সিদ্ধান্ত গ্ৰহণ কৰে আত্মীয়সকলে। পিতৃৰ মৃত্যুৰ খবৰ শুনিলে কইনা প্ৰিয়ংকা আৰু তেওঁৰ মাতৃয়ে মানসিকভাৱে ভাগি পৰাৰ আশংকা কৰিয়েই বিয়া সম্পন্ন নোহোৱা পৰ্যন্ত দুয়োৰে পৰা এই খবৰ গোপনে ৰখাৰ সিদ্ধান্ত লয় পৰিয়ালটোৱে।

আত্মীয়সকলে কইনা আৰু মাতৃক জনায় যে শংকৰলালক সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁ বৰ্তমান কথা পাতিব পৰা অৱস্থাত নাই। ইফালে শংকৰলালৰ নশ্বৰ দেহ চিকিৎসালয়ৰ মৰ্গতে ৰাখি দৰা পক্ষক সমগ্ৰ বিষয়টো অৱগত কৰে পৰিয়ালৰ লোকে।

ইয়াৰ পিছত দৰা পক্ষৰ ঘনিষ্ঠ আত্মীয়ৰ উপস্থিতিত সেই নিশাই অতি অনুষ্টুপীয়াকৈ প্ৰিয়ংকাৰ বিয়াৰ বৈদিক নীতি-নিয়ম সম্পন্ন কৰা হয়। অৱশেষত কন্যাৰ বিয়াৰ আনুষ্ঠানিকতা শেষ হোৱাৰ পিছত পিছদিনা অৰ্থাৎ ২১ নৱেম্বৰত পিতৃ শংকৰলালৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে পৰিয়ালটোৱে।

যিখন ঘৰৰ পৰা আনন্দৰে কন্যাৰ দোলা ওলোৱাৰ কথা আছিল, সেই একেখন ঘৰৰ পৰাই পিছদিনা পিতৃৰ শৱযাত্ৰা ওলোৱা এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *