কাৰাগাৰত শাৰীৰিক অসুস্থতাত ভুগিছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী। তেওঁৰ স্বাস্থ্যজনিত সমস্যাক লৈ ফাষ্টট্ৰেক আদালতত দাখিল কৰা হৈছে চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰ।
প্ৰাপ্ত তথ্য অনুসৰি, শেখৰজ্যোতি গোস্বামীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সময়মতে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে আদালতে।
উল্লেখ্য যে, বৰ্তমান হাফলং উপ-কাৰাগাৰত কাৰাবন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী। কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অৱস্থাক লৈ আদালতত চিকিৎসা সম্পৰ্কীয় নথি দাখিলৰ পিছতে বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।
শেখৰজ্যোতি গোস্বামীৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত এতিয়া নজৰ সকলোৰে।
