দেৱেশ্বৰ বৰাৰ ভাতৃ কিৰণ বৰাক গ্ৰেপ্তাৰ

ACS বিষয়া দেৱেশ্বৰ বৰাৰ ভাতৃ কিৰণ বৰাক গ্ৰেপ্তাৰ কৰিছে CM Vigilance-এ। দেৱেশ্বৰ বৰাৰ সৈতে জড়িত ধনৰ লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পাছতে কিৰণ বৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।

প্ৰাপ্ত তথ্য অনুসৰি, কিৰণ বৰাৰ বেংক একাউণ্টত দেৱেশ্বৰ বৰাৰ ধনৰ লেনদেন হৈছিল। বেংক একাউণ্টৰ জৰিয়তে হোৱা এই লেনদেনৰ তথ্য লাভ কৰাৰ পাছতে তদন্তকাৰী সংস্থাই কিৰণ বৰাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ACS বিষয়া দেৱেশ্বৰ বৰাৰ সৈতে জড়িত ধনৰ লেনদেনৰ বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে CM Vigilance-এ। এই গোচৰৰ তদন্তৰ অংশ হিচাপেই কিৰণ বৰাৰ গ্ৰেপ্তাৰক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া নতুনকৈ চৰ্চা লাভ কৰিছে দেৱেশ্বৰ বৰাৰ সৈতে জড়িত ধনৰ লেনদেনৰ বিষয়টোৱে। তদন্ত আগবঢ়াৰ লগে লগে আৰু কি কি তথ্য পোহৰলৈ আহে, সেয়া হ’ব লক্ষণীয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *