নিউয়ৰ্কৰ ব্ৰুকলীনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

আমেৰিকাৰ নিউয়ৰ্কৰ ব্ৰুকলীনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটা তিনিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত দুটাকৈ শিশুসহ মুঠ ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, এই দুৰ্ঘটনাত ১৮ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

এই ভয়ংকৰ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ। ইতিমধ্যে চহৰখনৰ সুৰক্ষাৰ দায়িত্বত থকা শীৰ্ষ বিষয়াসকলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, দুৰ্ঘটনাটো সংঘটিত হোৱা অট্টালিকাটো পূৰ্বে পৰিদৰ্শন কৰিছিল সংশ্লিষ্ট বিষয়াসকলে। সেই পৰিদৰ্শনৰ সময়তে অট্টালিকাটোৰ বিভিন্ন স্থানত ফাঁট মেলাৰ তথ্য পোহৰলৈ আহিছিল বুলি জানিব পৰা গৈছে।

কিন্তু তাৰ পিছতো সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। পূৰ্বৰ পৰিদৰ্শনৰ প্ৰতিবেদন আৰু অট্টালিকাটোৰ সুৰক্ষাজনিত দিশসমূহৰ ওপৰত ভিত্তি কৰি তদন্তকাৰী বিষয়াসকলে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে।

অট্টালিকাটোত পূৰ্বৰে পৰা থকা ফাঁট আৰু দুৰ্ঘটনাৰ মাজত কোনো সম্পৰ্ক আছিল নেকি, সেই বিষয়েও তদন্তত গুৰুত্ব দিয়া হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *