আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আবকাৰী বিভাগে জাৰি কৰিছে বিশেষ নিষেধাজ্ঞা। নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ ৰাজ্যৰ ১১ খন জিলাত সুৰাৰ বিক্ৰী আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। জনপ্রতিনিধিত্ব আইন, ১৯৫১-ৰ ১৩৫(চি) ধাৰা আৰু অসম আবকাৰী বিধি, ২০১৬-ৰ ৩২৬(এ) বিধিৰ অধীনত এই দিনকেইটাক উক্ত জিলাসমূহত ‘ড্ৰাই ডে’ হিচাপে ঘোষণা কৰে আবকাৰী বিভাগে।
অসম চৰকাৰৰ আয়ুক্ত সচিবগৰাকীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি বিশ্বনাথ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এই নিষেধাজ্ঞা প্রযোজ্য হ’ব। অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বৰ পৰাই এই নিৰ্দেশনা বলৱৎ হ’ব আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱা পৰ্যন্ত বাহাল থাকিব। ইয়াৰ উপৰি ৩০ নৱেম্বৰৰ ভোটগ্ৰহণৰ দিনটোৰ লগতে পুনৰ ভোটগ্ৰহণৰ সম্ভাৱনা থকা ১ ডিচেম্বৰ আৰু ভোটগণনা অনুষ্ঠিত হ’বলগীয়া ৩ ডিচেম্বৰৰ দিনটোতো বাহাল থাকিব ‘ড্ৰাই ডে’। ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব।
এই নিৰ্ধাৰিত সময়ছোৱাত সংশ্লিষ্ট ১১ খন জিলাৰ সকলো পাইকাৰী সুৰাৰ গুদাম, ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ (আইএমএফএল) খুচুৰা বিপণী, বাৰ, হোটেল তথা ক্লাবৰ সৈতে সংলগ্ন সুৰাৰ বিপণী আৰু দেশীয় সুৰাৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। এই নিষেধাজ্ঞাই সুৰা আৰু অন্যান্য নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী, বিতৰণ, যোগান তথা সেৱন সামৰি ল’ব। অধিসূচনা জাৰি কৰা জিলাসমূহৰ হোটেল, ৰেস্তোৰাঁকে ধৰি সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব এই কঠোৰ নিয়ম।
সুৰাৰ বিক্ৰী বন্ধ ৰখাৰ উপৰি নিষেধাজ্ঞা বাহাল থকা সময়ছোৱাত অকৰ্তৃত্বশীলভাৱে সুৰা মজুত ৰখাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে প্রশাসনে। কোনো লোকে অকৰ্তৃত্বশীল স্থানত সুৰা মজুত ৰাখিলে অসম আবকাৰী আইন আৰু বিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে। এই চৰকাৰী নিৰ্দেশনা অমান্য কৰা লোকৰ বিৰুদ্ধে অসম আবকাৰী আইন তথা বিধিৰ লগতে জনপ্রতিনিধিত্ব আইন, ১৯৫১-ৰ ১৩৫(চি) ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
