ট্ৰেডমাৰ্ক অপব্যৱহাৰৰ অভিযোগ উত্তৰ-পূৰ্বাঞ্চলত জনপ্ৰিয় লিভাৰ টনিক “LIVSAV” (লিভচভ)ক লৈ শ্বিলঙৰ ব্যৱসায়ীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ঔষধৰ নিয়ন্ত্ৰণ ব্যৱস্থাক লৈ প্ৰশ্ন

গুৱাহাটী ,৪ নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিক্ৰী হৈ অহা তথা হিন্দুস্তান ৰিচাৰ্চ হেল্থ প্ৰডাক্টছৰ দ্বাৰা প্ৰস্তুত কৰা ‘LIVSAV-DS’ নামেৰে বজাৰত কৰা এক বিশ্বাসযোগ্য লিভাৰ টনিক ব্ৰেণ্ডে শ্বিলঙৰ এজন ব্যৱসায়ী জড়িত থকা ট্ৰেডমাৰ্ক অপব্যৱহাৰৰ অভিযোগ শেহতীয়াকৈ পোহৰলৈ আনিছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যসমূহত প্ৰচলিত এই সামগ্ৰীবিধৰ প্ৰশাসনিক আৰু নিয়ন্ত্ৰণমূলক তদাৰকী (ৰেগুলেটৰী স্ক্ৰুটিনী) সন্দৰ্ভতো গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ্য যে ২০০১ চনৰ পৰাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ‘LIVSAV’ ব্ৰেণ্ডটো গঢ়ি তোলা আৰু প্ৰতিষ্ঠা কৰা হিন্দুস্তান ৰিচাৰ্চ হেল্থ প্ৰডাক্টছে আন এক প্ৰতিদ্বন্দী সামগ্ৰীৰ বাবে তেওঁলোকৰ ব্ৰেণ্ড পৰিচয় হস্তগত তথা নকল কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰিলিয়াবো ফাৰ্মা ইণ্ডিয়া প্ৰাইভেট লিমিটেড (Reliabo Pharma India Pvt. Ltd.)-ৰ বিৰুদ্ধে। প্ৰতিষ্ঠানটোৱে এই কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত শ্বিলঙৰ ব্যৱসায়ী তথা ৰিলিয়াবো ফাৰ্মাৰ সঞ্চালক সৰৱণ ঝুনঝুনৱালাৰ নাম বিশেষভাৱে উল্লেখ কৰিছে। বজাৰত উপলব্ধ LIVSAV-DS চিৰাপৰ ২০০ মিলিলিটাৰৰ কাৰ্টনটোত ৰিলিয়াবো ফাৰ্মা ইণ্ডিয়া প্ৰাইভেট লিমিটেডক বিপণনকাৰী (মাৰ্কেটাৰ) আৰু মধ্যপ্ৰদেশৰ ৭০, উদ্যোগপুৰী আগৰ ৰোডত অৱস্থিত মেচাৰ্ছ হিতাম আয়ু কেয়াৰ (M/s Hitam Ayuh Care)-ক নিৰ্মাতা হিচাপে উল্লেখ কৰা হৈছে। ইয়াত নিৰ্মাণ অনুজ্ঞাপত্ৰ নম্বৰ MP/25D/19/650, বেচ নম্বৰ HAC-344 আৰু নিৰ্মাণৰ তাৰিখ অক্টোবৰ ২০২৫ বুলি উল্লেখ আছে।
১৮৮ টকা সৰ্বোচ্চ বিক্ৰী মূল্য (MRP) নিৰ্ধাৰিত এই সামগ্ৰীবিধক ‘ডাবল-ষ্ট্ৰেংথ লিভাৰ টনিক’ হিচাপে বৰ্ণনা কৰি পেকেটত ‘LIVSAV-DS’ নামটো স্পষ্টভাৱে প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ সেউজীয়া-হালধীয়া ৰং, আখৰৰ শৈলী আৰু লিভাৰৰ চিত্ৰ হিন্দুস্তান ৰিচাৰ্ছে বজাৰজাত কৰা LIVSAV DS সামগ্ৰীৰ পেকেজিঙৰ সৈতে হুবহু সাদৃশ্য থকা দেখা গৈছে। ইফালে হিন্দুস্তান ৰিচাৰ্চ হেল্থ প্ৰডাক্টছৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পৱন বকুলচৰীয়াই অভিযোগ কৰিছে যে ৰিলিয়াবো ফাৰ্মাই LIVSAV নামটো ব্যৱহাৰ কৰি বজাৰত এই প্ৰতিদ্বন্দী সামগ্ৰী উলিয়াইছে আৰু এই পদক্ষেপৰ আঁৰত আছিল ঝুনঝুনৱালা। তেওঁ দাবী কৰা অনুসৰি তেওঁলোকৰ কোম্পানীয়ে অঞ্চলটোত এই ব্ৰেণ্ডটো প্ৰতিষ্ঠা কৰিছিল । কিন্তু ২০১৯ চনৰ পৰা যোগান ব্যৱস্থাত ব্যাঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল।
তেওঁ দাবী কৰা অনুসৰি যোগান ব্যাহত হোৱাৰ সেই সুযোগ লৈয়েই একাংশই LIVSAV-ৰ প্ৰতিষ্ঠিত ব্ৰেণ্ড পৰিচয় অনুকৰণ কৰি বজাৰ দখলৰ চেষ্টা চলাইছিল। এইচআৰএইচপি (HRHP) ৰ মূখ্য পৰিচালন সঞ্চালক পৱন বকুলচৰীয়াই কয় যে এই বিবাদত LIVSAV নাম আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ যেনে LIVSAV PLUS আৰু LIVSAV DS অন্তৰ্ভুক্ত হৈ আছে। অনুমোদিত ব্যৱহাৰ, কপিৰাইট উলংঘন, প্ৰতাৰণামূলক অনুকৰণ আৰু বাণিজ্যিক প্ৰৱঞ্চনাৰ অভিযোগৰ সপক্ষে প্ৰতিষ্ঠানটোৰ হাতত পৰ্যাপ্ত নথিভিত্তিক তথ্য-প্ৰমাণ মজুত আছে বুলিও তেওঁ দাবী কৰে।
হিন্দুস্তান ৰিচাৰ্ছে তেওঁলোকৰ ‘LIVSAV (LABEL)’ ট্ৰেডমাৰ্ক পঞ্জীয়ন নম্বৰ ১০৪৫৮৯২-ৰ ওপৰত ভিত্তি কৰিছে, যিটো ২০০১ চনৰ ১৯ ছেপ্টেম্বৰত ‘হিন্দুস্তান ৰিচাৰ্চ হেল্থ প্ৰডাক্টছ’ নামেৰে ব্যৱসায় পৰিচালনা কৰা পৱন কুমাৰ বকুলচৰীয়া (HUF)-ৰ নামত পঞ্জীয়নৰ বাবে দাখিল কৰা হৈছিল। এই পঞ্জীয়নত ঔষধি, ফাৰ্মাচিউটিকেল, পশু চিকিৎসা, বনৌষধি আৰু আয়ুৰ্বেদিক প্ৰস্তুতি অন্তৰ্ভুক্ত আছে আৰু ই ২০৩১ চনৰ ১৯ ছেপ্টেম্বৰলৈকে বৈধ। অৱশ্যে ইয়াৰ স্থিতি বৰ্তমান “Rectification Filed” বুলি চিহ্নিত হৈ আছে, যিয়ে ই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো সূচায়। মহাৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্ৰশাসনে ২০২৪ চনৰ ৮ মে’ত প্ৰদান কৰা আৰু ২০২৯ চনৰ ৭ মে’লৈকে বৈধ থকা কোম্পানীটোৰ উৎপাদন অনুজ্ঞা পত্ৰত মহাৰাষ্ট্ৰৰ ভাছাই ইষ্টস্থিত প্ৰকল্পত উৎপাদন কৰিবলৈ কৰ্তৃত্বপ্ৰাপ্ত সামগ্ৰীসমূহৰ তালিকাত LIVSAV PLUS SYRUP-ৰ নাম স্পষ্টভাৱে অন্তৰ্ভুক্ত আছে। আনহাতে, ট্ৰেড মাৰ্কছ ৰেজিষ্ট্ৰিৰ এক সুকীয়া অনুসন্ধান প্ৰতিবেদনত ৩২৬৭৮৪৯ নম্বৰৰ আবেদনৰ অধীনত “RELIABO LIVSAV-DS SYRUP” নামৰ এটা সামগ্ৰীৰ বিপৰীতে ৰিলিয়াবো ফাৰ্মা ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ নাম লিপিবদ্ধ থকা দেখা গৈছে। ইফালে কাৰ্টনটোত উল্লেখ থকা উৎপাদন সম্পৰ্কীয় বিৱৰণসমূহে বৰ্তমান ঔষধ নিয়ন্ত্ৰণ সংক্ৰান্তীয় গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। ৰাজ্যখনৰ ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই পেকেটত প্ৰদৰ্শিত উৎপাদন অনুজ্ঞাপত্ৰ, ঘোষিত নিৰ্মাতাৰ প্ৰামাণিকতা, সামগ্ৰীবিধৰ ফৰ্মুলেচন (প্ৰস্তুত প্ৰণালী) আৰু কি অনুমতিৰ ভিত্তিত ইয়াক উৎপাদন তথা বজাৰজাত কৰা হৈছে— সেয়া পৰীক্ষা কৰাৰ প্ৰয়োজন আহি পৰিছে। ইয়াৰ উপৰিও সংশ্লিষ্ট বিভাগে সামগ্ৰীবিধ পৰীক্ষা কৰিছেনে নাই, স্থানীয় বজাৰৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছেনে নাই আৰু প্ৰযোজ্য গুণগত মান নিৰ্ধাৰণৰ বাবে পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছেনে নাই— সেই বিষয়েও কৰ্তৃপক্ষই স্পষ্টীকৰণ দিয়াৰ থল আছে। কিয়নো কেৱল পেকেজিঙত দিয়া ঘোষণাই সামগ্ৰীবিধে গুণগত মান পৰীক্ষাত উত্তীৰ্ণ হোৱা বা সকলো নিয়ন্ত্ৰণমূলক নীতি-নিয়ম মানি চলাটো প্ৰমাণ নকৰে। ইতিমধ্যে হিন্দুস্তান ৰিচাৰ্চ হেল্থ প্ৰডাক্টছ প্ৰাইভেট লিমিটেডে তেওঁলোকৰ সামগ্ৰীসমূহ পুনৰ বজাৰলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *