চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা হ্ৰদত হিমবাহৰ বিস্ফোৰণ ৷ অসম-পশ্চিমবংগৰ কিছু অংশৰ বাবে বিশেষ পৰামৰ্শ জাৰি ৷ পশ্চিমবংগৰ নিম্ন অঞ্চলসমূহ খালী কৰাৰ সতৰ্কবাণী জাৰি ৷ বৃহস্পতিবাৰে নিশা ৯ বজাত ভূটানৰ শ্বিণ্টাফু হ্ৰদত হিমবাহৰ বিস্ফোৰণ সংঘটিত হয় ৷ এই হ্ৰদটোৱেই ভূটানৰ ম’ চু নদীৰ উৎস ৷ হিমবাহৰ বিস্ফোৰণৰ ফলত ভাৰতৰ দিশে হুৰহুৰাই পানী ববলৈ ধৰিছে ৷ পানীৰ এই গতি দেখি শংকিত হৈ দাঁতিকাষৰীয়া অঞ্চলবাসী ৷ভূটান আৰু ভাৰতত অৱস্থিত এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় নদী সোণকোষৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাব পাৰে বুলি প্ৰশাসনে উল্লেখ কৰিছে ৷ সোণকোষ নদীৰ তলৰ অৱবাহিকাত হাই এলাৰ্ট জাৰি কৰা হৈছে ।
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা হ্ৰদত হিমবাহৰ বিস্ফোৰণ
