কানাডাৰ আলবাৰ্টাৰ সামৰিক ঘাটিত অগ্নিকাণ্ড

কানাডাৰ আলবাৰ্টা প্ৰদেশৰ এটা সামৰিক ঘাটিত সামৰিক অনুশীলনৰ সময়ত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত ৪ জন জোৱান নিহত হোৱাৰ লগতে ৩৯ জন আহত হয় ৷ আহতসকলৰ ১৯ জন জোৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ চি এফ বি ৱেইনৰাইট সামৰিক প্ৰশিক্ষণ কেন্দ্ৰত শনিবাৰে এই ঘটনা সংঘটিত হয় ৷শনিবাৰে ৰাজকুমাৰী পেট্ৰিচিয়াৰ কানাডিয়ান লাইট ইনফেণ্ট্ৰিৰ ৩য় বেটেলিয়নৰ চাৰ্লি কোম্পানীয়ে চলাই থকা তীব্ৰ যুদ্ধ অনুশীলনৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় । প্ৰায় ৮৪ জন জোৱানক দুটা গোটত বিভক্ত কৰা হৈছিল । এটা দলে গ্ৰেনেড ৰেঞ্জত অনুশীলন কৰি আছিল আৰু আনটো দলে শত্ৰুৰ স্থান আক্ৰমণ কৰাৰ অনুশীলন কৰি আছিল । দ্বিতীয় প্ৰশিক্ষণ স্থানত অগ্নিকাণ্ড বিয়পি পৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *