হেপাটাইটিছত আক্ৰান্ত হৈ মাত্ৰ ১০ দিনৰ ব্যৱধানত মাতৃ-কন্যাৰ কৰুণ মৃত্যু; জীৱন-মৃত্যুৰে যুঁজিছে পুত্ৰই

হাঁহি-ধেমালিৰে ভৰি থকা এটা পৰিয়াললৈ নামি আহিল চৰম অন্ধকাৰ! মাৰাত্মক হেপাটাইটিছ ৰোগত আক্ৰান্ত হৈ মাত্ৰ দহ দিনৰ ভিতৰতে মৃত্যুক সাৱটি ল’লে একেটা পৰিয়ালৰে মাতৃ আৰু কন্যাই। গোলাঘাট জিলাৰ চিনাতলীৰ অন্তৰ্গত চিনাতলী হাবিচোৱা গাঁৱত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। একেটা ৰোগতে আক্ৰান্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে পৰিয়ালটোৰ ১১ বছৰীয়া পুত্ৰ তন্ময় শইকীয়াই।

প্ৰাপ্ত তথ্য অনুসৰি, চিনাতলী হাবিচোৱাৰ বাসিন্দা দিলীপ শইকীয়াৰ পত্নী হিমাদ্ৰী শইকীয়া শেহতীয়াকৈ হেপাটাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। পত্নীৰ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই আৰু তেওঁৰ পিণ্ডদান তথা সকামৰ প্ৰস্তুতি চলি থকাৰ মাজতে এসপ্তাহৰ ভিতৰতে আকৌ হেপাটাইটিছত আক্ৰান্ত হৈ ৯ বছৰীয়া কন্যা কৃষ্টিনা শইকীয়াৰো মৃত্যু ঘটে। নিজে এই ৰোগৰ পৰা কিছু সুস্থ হৈ উঠা গৃহমুৰব্বী দিলীপ শইকীয়াই এনেদৰে একেৰাহে পত্নী আৰু কন্যাক হেৰুৱাই সম্পূৰ্ণৰূপে ভাগি পৰিছে।

ইফালে সংকটজনক অৱস্থাত থকা পুত্ৰ তন্ময় শইকীয়াক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এটা পৰিয়ালৰ দুগৰাকীকৈ সদস্যৰ মৃত্যু আৰু আন এজন চিকিৎসাধীন হোৱাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজতো তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ঘটনাটোৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বিষয়টোক বিশেষ গুৰুত্ব সহকাৰে লৈছে আৰু অঞ্চলটোত যাৱতীয় পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *