এখন গাঁৱত ৫০ৰো অধিক পুৰুষক বিহ দি হত্যা নিজ পত্নীৰ! বিশ্ব কঁপোৱা ‘এঞ্জেল মেকাৰ্ছ’ কাণ্ডৰ আঁৰৰ কাৰণ কি?

এনে এখন গাঁও, য’ত নিজৰ পত্নীয়েই বিষ দি হত্যা কৰিছিল স্বামীক। এজন-দুজন নহয়, গাঁওখনৰ ৫০ জনৰো অধিক পুৰুষক একেই পদ্ধতিৰে হত্যা কৰিছিল তেওঁলোকৰ নিজ নিজ পত্নীয়ে। কুৰি শতিকাৰ আৰম্ভণিতে ইউৰোপৰ শান্ত বুকুত সংঘটিত এই লোমহৰ্ষক ঘটনাই ইতিহাসৰ পাতত সৃষ্টি কৰি থৈ গৈছে এক শিঁহৰণকাৰী অধ্যায়। বুদাপেষ্টৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দক্ষিণে অৱস্থিত নাদীৰেভ নামৰ এখন ভিতৰুৱা গাঁৱত সংঘটিত হৈছিল এই নিৰ্মম কাণ্ড।

১৯১১ চনৰ পৰা ১৯২৯ চনৰ ভিতৰত ইটোৰ পিছত সিটো পৰিয়ালত পুৰুষৰ ৰহস্যজনক মৃত্যু ঘটাৰ পিছত যেতিয়া প্ৰায় ৫০ গৰাকী মহিলাৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়াই ১৯২৯ চনৰ ৪ ডিচেম্বৰত আমেৰিকাৰ প্ৰখ্যাত বাতৰিকাকত ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশ পাইছিল এই শিঁহৰণকাৰী বাতৰি।

আধুনিক অপৰাধ ইতিহাসত সেই সময়ৰ এই মহিলা দলটোক ‘এঞ্জেল মেকাৰ্ছ’ নামেৰে জনাজাত হৈ পৰিছিল। আৰ্ছেনিকযুক্ত বিষ ব্যৱহাৰ কৰি নিজৰ স্বামী তথা পৰিয়ালৰ মুৰব্বী পুৰুষসকলক লাহে লাহে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেওঁলোকৰ বিৰুদ্ধে। আদালতৰ বিচাৰত এই সমগ্ৰ কাণ্ডৰ মূল খলনায়িকা হিচাপে পোহৰলৈ আহে জুজানা ফাজেকাশ নামৰ এগৰাকী গাঁৱৰ ধাত্ৰীৰ নাম।

অষ্ট্ৰো-হাংগেৰিয়ান সাম্ৰাজ্যৰ অধীনত থকা সেই দুৰ্গম গাঁওখনত কোনো স্থায়ী চিকিৎসক বা গীৰ্জাৰ পাদ্ৰী নাছিল। গাঁওবাসীৰ সকলো চিকিৎসাৰ দায়িত্ব আছিল ফাজেকাশৰ হাতত, যাৰ বাবে গাঁৱৰ প্ৰতিটো ঘৰৰ বন্ধ দুৱাৰৰ আঁৰৰ অন্ধকাৰ দিশসমূহ তেওঁৰ নখদৰ্পণত আছিল। সেই যুগত প্ৰচলিত বাল্যবিবাহ আৰু বিবাহ বিচ্ছেদৰ কোনো আইনী ব্যৱস্থা নথকাৰ বাবে পুৰুষৰ নিৰ্দয় প্ৰহাৰ, অবাধ মদ্যপান আৰু যৌন নিৰ্যাতনৰ বলি হৈ নীৰৱে চকুলো টুকিব লগা হৈছিল বহু মহিলাই। তেনে এক পৰিৱেশতে ফাজেকাশে অতিষ্ঠ হৈ পৰা মহিলাসকলক নিজৰ ঘৰতে প্ৰস্তুত কৰা আৰ্ছেনিকযুক্ত বিষ যোগান ধৰি সকলো ‘সমস্যাৰ সহজ সমাধান’ উলিয়াই দিয়াৰ প্ৰলোভন দিয়ে।

প্ৰায় ১৮ বছৰ ধৰি চলা এই বিষাক্ত কাণ্ডত এটা এটাকৈ গাঁওখনৰ ৫০ জনতকৈ অধিক পুৰুষৰ মৃত্যু ঘটে আৰু সকলোকে গাঁৱৰ কবৰস্থানত সমাধিস্থ কৰা হয়। কালক্ৰমত নাদীৰেভ গাঁওখনক মানুহে ‘হত্যাকাৰীৰ গাঁও’ বুলিও ক’বলৈ আৰম্ভ কৰে। অৱশেষত ১৯২৯ চনত প্ৰশাসনে কবৰ খান্দি পৰীক্ষা কৰাৰ পিছতেই মৃতদেহবোৰত বিষাক্ত আৰ্ছেনিকৰ স্পষ্ট উপস্থিতি ধৰা পৰে আৰু আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তোলে।

১৯২৯ চনৰ ১৯ জুলাইত আৰক্ষীৰ দলটো যেতিয়া ধাত্ৰী জুজানা ফাজেকাশক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ ঘৰলৈ আহে, তেতিয়া তেওঁ নিজহাতে তৈয়াৰ কৰা বিষ পান কৰি আত্মহত্যা কৰে। ইয়াৰ পিছতেই আদালতত গাঁৱৰ ২৬ গৰাকী মহিলাৰ বিৰুদ্ধে আনুষ্ঠানিক বিচাৰ আৰম্ভ হয়, য’ত আঠগৰাকী মহিলাক মৃত্যুদণ্ড আৰু সাতগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হয়।

গুৰুত্বপূৰ্ণ যে, ইতিহাসবিদসকলৰ মতে নিজ পত্নীৰ হাততে স্বামীৰ মৃত্যুৰ এই ঘটনা কেৱল নাদীৰেভ গাঁৱতে সীমাবদ্ধ নাছিল। কাষৰীয়া তিছাকুৰ্টকে ধৰি সমগ্ৰ অঞ্চলটোৰ কেইবাখনো গাঁৱত অনুৰূপ ধৰণে আৰ্ছেনিক প্ৰয়োগ কৰি হত্যা কৰা পুৰুষৰ সংখ্যা ৩০০ৰো অধিক হ’ব পাৰে বুলি গৱেষকসকলে সন্দেহ প্ৰকাশ কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *