ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে ২০১৯ চনৰ বালাকোট আক্ৰমণৰ পৰৱৰ্তী আকাশী যুদ্ধত পাকিস্তানৰ যুদ্ধবিমান ভূপতিত কৰা গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানে। বায়ুসেনাত প্ৰায় ২২ বছৰীয়া সেৱা আগবঢ়োৱাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে বীৰ চক্ৰ প্ৰাপক পাইলটগৰাকীয়ে। অৱসৰৰ পাছত এটা ব্যক্তিগত বিমান পৰিবহণ সংস্থাত এগৰাকী বাণিজ্যিক পাইলট হিচাপে নতুন কৰ্মজীৱন আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে বৰ্ধমানে।
বায়ুসেনাৰ এক বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২০২১ চনৰ ডিচেম্বৰ মাহত গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি লাভ কৰা বিষয়াজনে সামৰিক বাহিনীৰ বাহিৰত নতুন পেচাদাৰী সুযোগ সন্ধান কৰাৰ লক্ষ্যৰেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সাধাৰণতে জ্যেষ্ঠ পদত প্ৰশাসনিক দায়িত্ব বৃদ্ধি পোৱাৰ বিপৰীতে বিমান উৰণৰ সুযোগ হ্ৰাস পোৱাৰ বাবেই বহু সামৰিক বৈমানিকে এনে পদক্ষেপ গ্ৰহণ কৰে।
উল্লেখ্য যে, ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত নিয়ন্ত্ৰণ ৰেখাৰ নৌছেৰা ছেক্টৰত পাকিস্তানৰ সৈতে সংঘটিত আকাশী যুদ্ধৰ সময়ত মিগ-২১ বাইছন যুদ্ধবিমান চলাইছিল অভিনন্দন বৰ্ধমানে। আমেৰিকা নিৰ্মিত অত্যাধুনিক এফ-১৬ বিমানৰ সৈতে হোৱা সংঘাতত শত্ৰুৰ যুদ্ধবিমানখন ভূপতিত কৰাৰ পাছত নিজৰ বিমানখন ধ্বংস হোৱাত পেৰাছুটৰ সহায়ত পাকিস্তান-অধিকৃত কাশ্মীৰত অৱতৰণ কৰে বিষয়াগৰাকীয়ে।
শত্রু শিবিৰত আৱদ্ধ থকাৰ সময়তো অসীম ধৈৰ্য আৰু দেশপ্ৰেম প্ৰদৰ্শন কৰা বৰ্ধমানক ১ মাৰ্চত পাকিস্তানে মুক্তি দিবলৈ বাধ্য হয়। তেওঁৰ এই বীৰত্ব আৰু সাহসিকতাৰ বাবে ভাৰত চৰকাৰে দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান ‘বীৰ চক্ৰ’ৰে সন্মানিত কৰে।
