ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ । মঙলবাৰে নিশা সংঘটি আক্ৰমণত এটা শিশুকে ধৰি কমেও ১১ জন লোকৰ মৃত্যু হয় । ইয়াৰ পিছতে টেহৰানে সমগ্ৰ অঞ্চলটোৰ আমেৰিকান ঘাটিসমূহত মিছাইল আৰু ড্ৰ’নেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ লগে লগে মধ্যপ্ৰাচ্যত ছমাহতকৈ অধিক সময় ধৰি চলি থকা দুই-এটা যুদ্ধৰ মাজতে পুনৰ শত্ৰুতাই মূৰ দাঙি উঠিছে ।বুধবাৰে পুৱা ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে দক্ষিণ-পশ্চিম প্ৰদেশ খুজেস্তানত তিনিটা স্থানত আমেৰিকাৰ আক্ৰমণত কমেও ৭ জন লোকৰ মৃত্যু হৈছে ।ভাৰতীয় সময় মতে, মঙলবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে আমেৰিকাই “হৰমুজ প্ৰণালীৰ ওচৰত” ইৰাণৰ লক্ষ্যত আক্ৰমণ চলাইছে । তেওঁ কয়, “এই আক্ৰমণ বৃহৎ আৰু শক্তিশালী । এই আক্ৰমণ ইৰাণীসকলৰ উক্ত ব্যৰ্থ প্ৰচেষ্টাৰ প্ৰতিশোধ হিচাপে কৰা হৈছে, য’ত তেওঁলোকে প্ৰণালীটোত সাগৰীয় বাৰুদ সুৰংগ (ছী-মাইন) সংস্থাপনৰ চেষ্টা চলাইছিল । অৱশ্যে বৰ্তমান তাত কোনো সুৰংগ নাই (সেইবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছে বা বিনষ্ট কৰা হৈছে!) । লগতে ইৰাণীসকলে জৰ্ডানস্থিত আমাৰ সামৰিক ঘাটিত আঠটা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে কৰা হৈছে, যিবোৰ সফলতাৰে ধ্বংস কৰি পেলোৱা হৈছে ।”
