পুনৰ উত্তপ্ত মণিপুৰ

মণিপুৰৰ কাংপোকপি জিলাত সোমবাৰে পুৱা সশস্ত্ৰ নগা বিদ্ৰোহীৰ আক্ৰমণত তিনি অসামৰিক লোক নিহত হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয়।আজি পুৱা প্ৰায় ৮ বজাত প্ৰায় ৫০জন সশস্ত্ৰ বিদ্ৰোহীয়ে কাংপোকপি জিলাৰ টেইখাং গাঁৱত প্ৰৱেশ কৰি অসামৰিক লোকক লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰে। আক্ৰমণৰ সময়ত গাঁওখনৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰা হয় বুলিও অভিযোগ উঠিছে। গুলীচালনাৰ ফলত আতংকিত গাঁওবাসীয়ে প্ৰাণৰক্ষাৰ বাবে অঞ্চলটোৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।এই আক্ৰমণত নিহত হোৱা তিনিজন লোক হৈছে টিংনেইচিন (৪০), টংপাও লহুভুমৰ পত্নী; হইনেইং লহুজেম (২১), থাংগৌলেন লহুজেমৰ পত্নী; আৰু লামটিনথাং লহুজেম (৩৬), ছেইলুন লহুজেমৰ পুত্ৰ। আনহাতে, আক্ৰমণত চাৰিজন লোক গুৰুতৰভাৱে আহতসকল হৈছে—নেমনেইচং লহুজেম (৫০), ছেইলুন লহুজেম (৭০), ডেইলহিং হাওকিপ (৫৫) আৰু কামটিনছেই চংলই (৩৮)।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *