আকৌ বতৰে ধাৰণ কৰিব কালৰূপ! অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আগন্তুক দিনকেইটাত ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। একে সময়তে উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বান, আকস্মিক বান, ভূমিস্খলন আৰু জলাবদ্ধতাৰ আশংকাও ব্যক্ত কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে সদৰি কৰা মতে, ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ প্ৰভাৱ উজনি অসমৰ কেইবাখনো জিলাত পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
তিনিচুকীয়া জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। একেদৰে নাগালেণ্ডৰ মন, মোককচাং আৰু ৱোখা জিলাতো অৰেঞ্জ এলাৰ্ট বলৱৎ কৰা হৈছে। এই অঞ্চলসমূহত হোৱা প্ৰবল বৰষুণৰ ফলত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পুনৰ বান পৰিস্থিতি জটিল হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে লগতে উল্লেখ কৰা মতে, অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং, লোহিত, নামচাই, লংডিং, পাপুমপাৰে, লোৱাৰ সুৱনশিৰি আৰু লোৱাৰ দিবাং ভেলী জিলাতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলালৈ উজনিৰ পানী নামি অহাৰ আশংকা আছে।
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি, অৰুণাচল প্ৰদেশৰ বহু অঞ্চলত দৈনিক ৬ ছেণ্টিমিটাৰৰ পৰা ১১ ছেণ্টিমিটাৰলৈ বৰষুণ হ’ব পাৰে। আনহাতে, পাপুমপাৰে জিলাকে ধৰি কেইবাটাও ঠাইত ১২ ছেণ্টিমিটাৰৰ পৰা ২০ ছেণ্টিমিটাৰলৈকে অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জানিবলৈ দিয়া মতে, এই বৰষুণৰ ফলত নিম্নাঞ্চলত জলাবদ্ধতা, নগৰাঞ্চলত আকস্মিক বান, পাহাৰীয়া অঞ্চলত ভূমিস্খলন আৰু বহু ঠাইত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ সম্ভাৱনা আছে।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলাসমূহৰ প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে বানপ্ৰৱণ নিম্নাঞ্চল আৰু পাহাৰীয়া ঢালত বসবাস কৰা লোকসকলক অতি প্ৰয়োজন নোহোৱালৈকে যাত্ৰা নকৰিবলৈ আৰু স্থানীয় প্ৰশাসন তথা বতৰ বিজ্ঞান বিভাগৰ পৰামৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
