ৰে’ল ষ্টেচনসমূহত অব্যাহত থকা নিৰাপত্তা ব্যৱস্থাৰ মাজতে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জব্দ হ’ল এটা পিষ্টল আৰু পাঁচজাঁই সজীৱ গুলী। অস্ত্ৰসহ বিহাৰৰ এজন লোকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে।
সোমবাৰে নিশা নিয়মীয়া তালাচী অভিযান চলোৱাৰ সময়তে এই সফলতা লাভ কৰে ৰে’ল আৰক্ষীয়ে। উপ-পৰিদৰ্শক সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত থকা আৰক্ষীৰ দলটোৱে ষ্টেচন চৌহদত সন্দেহজনকভাৱে ঘূৰি ফুৰা এজন লোকক প্ৰত্যক্ষ কৰি জেৰা আৰম্ভ কৰে।
পিছত লোকজনৰ লগত থকা ট্ৰলী বেগখন তালাচী চলোৱাত উদ্ধাৰ হয় এটা কাৰখানাত নিৰ্মিত পিষ্টল আৰু ৭.৬৫ মিলিমিটাৰৰ পাঁচজাঁই সজীৱ গুলী।
আটকাধীন লোকজন বিহাৰৰ গোপালগঞ্জ জিলাৰ ৪৯ বছৰীয়া সতীশ কুমাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। জব্দ কৰা অস্ত্ৰটো নিজৰ দখলত ৰখাৰ বৈধ অনুজ্ঞাপত্ৰ বা প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাবলৈ সক্ষম নহয় লোকজন।
আৰক্ষীয়ে তেওঁৰ দখলৰ পৰা পিষ্টল, পাঁচজাঁই সজীৱ গুলী, এটা ট্ৰলী বেগ, এটা মোবাইল ফোন, এখন আধাৰ কাৰ্ড আৰু এটা ৰে’লৰ টিকট জব্দ কৰিছে।
ইফালে, আটকাধীন লোকজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে নিউ বঙাইগাঁও ৰে’ল আৰক্ষীয়ে। অস্ত্ৰটো ক’লৈ নিয়া হৈছিল, কি উদ্দেশ্যে কঢ়িয়াই অনা হৈছিল আৰু ইয়াৰ সৈতে বৃহত্তৰ কোনো চক্ৰ জড়িত আছে নেকি, সেই সকলো দিশ সামৰি তদন্ত অব্যাহত আছে।
