ক’লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ

শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুকলি কৰি দিয়াৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ ।অখিল গগৈ আৰু ধিঙৰ ৰাইজৰ দলৰ বিধায়ক মেহবুব মুখতাৰে সোমবাৰে ক’লা পোচাক পৰিধান কৰি আৰু মুখত ক’লা কাপোৰ বান্ধি বিধানসভালৈ আহিল ।শেহতীয়াকৈ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু কৃষক নেতা আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিধায়ক দুজনে এনেদৰে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে । প্ৰতিবাদৰ জৰিয়তে অখিল গগৈয়ে দুয়োগৰাকী নেতাক শীঘ্ৰে মুকলি দিয়াৰ দাবী জনায় ।অখিল গগৈয়ে সংবাদ মাধ্যমক ক’লে, “কালি আপোনালোকে দেখিছে যে অসমৰ এগৰাকী কৃষক নেতাক গ্ৰেপ্তাৰ কৰিলে । এদিন পূৰ্বে জনজাতীয় নেতা আদিত্য ৰাভাকো গ্ৰেপ্তাৰ কৰিছিল । আপোনালোকে জানে যে এতিয়া অসমৰ মাটি ৰামদেৱ, আদানী, আম্বানী আৰু টাটাক দিবলৈ, ডাঙৰ ডাঙৰ কোম্পানীক দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰিছে ।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *