সুৰাসক্ত অৱস্থাত আৰক্ষীক আক্ৰমণৰ অভিযোগ; থানা চৌহদতে তাণ্ডৱ চলাই গ্ৰেপ্তাৰ এজন

ৰাজপথত অশান্তি সৃষ্টি কৰাৰ পিছত এইবাৰ আৰক্ষী থানাৰ ভিতৰতে তাণ্ডৱ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন ব্যক্তি। আৰক্ষীৰ কৰ্তব্যত বাধা দিয়াৰ লগতে আৰক্ষীক আক্ৰমণ, পোছাক ফালি পেলোৱা আৰু থানাৰ সম্পত্তি ভাঙি ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিযুক্তজনৰ বিৰুদ্ধে।

শনিবাৰে অসম আৰক্ষীয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি, এই ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তজন হৈছে ৩৫ বছৰীয়া ৰক্তিম কলিতা।

আৰক্ষীয়ে জনোৱা মতে, আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ অহা এক ফোনকলত ৰুক্মিণীগাঁৱৰ টঙৰা সত্ৰ পথত এজন ব্যক্তিয়ে ৰাজহুৱা স্থানত উৎপাত চলোৱাৰ লগতে এগৰাকী মহিলীক ভাবুকি দি থকাৰ অভিযোগ পোৱা যায়। সেই তথ্যৰ ভিত্তিত ইআৰএছএছ-৬ আৰু ইআৰএছএছ-৭ৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত অভিযুক্তজনক সুৰাসক্ত অৱস্থাত পোৱা যায় বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। আৰক্ষীয়ে বাৰে বাৰে আইনসন্মত নিৰ্দেশ দিয়াৰ পিছতো সহযোগিতা নকৰাৰ লগতে আটক কৰাৰ সময়ত আৰক্ষীৰ সৈতে হতাহতি কৰি কৰ্তব্যৰত আৰক্ষীক সামান্য আঘাত কৰা বুলিও অভিযোগ কৰিছে আৰক্ষীয়ে।

ইয়াৰ পিছত অভিযুক্তজনক দিছপুৰ আৰক্ষী থানালৈ অনা হয়। কিন্তু থানাত উপস্থিত হোৱাৰ পিছতো উত্তেজিত আচৰণ অব্যাহত ৰাখে অভিযুক্তই। অভিযুক্তজনে ব্ৰেথ এনালাইজাৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে জোৱান নাছিৰ আলীক আক্ৰমণ কৰি আৰক্ষীজনৰ পোছাক ফালি পেলায় আৰু থানাৰ ভিতৰত থকা এখন কাঠৰ দেৱাল ভাঙি ক্ষতিসাধন কৰে বুলিও অভিযোগত উল্লেখ কৰা হৈছে।

এই ঘটনাৰ ভিত্তিত দিছপুৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৩২, ১২১(১) আৰু ৩২৪(৪) ধাৰাৰ অধীনত ৫০০/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে বুলি অসম আৰক্ষীয়ে জানিবলৈ দিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *