কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন কৰি আটক হ’বলগীয়া হ’ল গুৱাহাটীৰ ব্যৱসায়ী গৌতম বৰুৱা। দলঙৰ ওপৰত জন্মদিন উদযাপন কৰি যান-বাহনৰ চলাচলত ব্যাঘাত জন্মোৱাৰ অভিযোগত ব্যৱসায়ীজনক আটক কৰে মহানগৰ আৰক্ষীয়ে। ব্যৱসায়ী গৌতম বৰুৱাৰ জন্মদিন উদযাপনৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ঘটনাটোৱে ব্যাপক চৰ্চা লাভ কৰে।
সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ত সেতুখনৰ ওপৰত ৰঙা দলিচা পাৰি আৰু সজাই-পৰাই ব্যক্তিগত অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায়। অভিযোগ অনুসৰি, ৰাজহুৱা পথৰ এটা অংশক সাময়িকভাৱে অনুষ্ঠানস্থলীলৈ ৰূপান্তৰ কৰাত যান-বাহন চলাচলত সমস্যাৰ সৃষ্টি হয়।
ঘটনাৰ ভিডিঅ’ আৰু আলোকচিত্ৰ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছতে বহু লোকে ৰাজহুৱা পথ ব্যক্তিগত অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰাৰ বিষয়টো লৈ প্ৰশ্ন উত্থাপন কৰে।
সামাজিক মাধ্যমৰ প্ৰতিক্ৰিয়া আৰু ভিডিঅ’ প্ৰচাৰৰ পিছত ভৰলুমুখ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। তদন্তৰ পিছতে আৰক্ষীয়ে গৌতম বৰুৱাক আটক কৰে।
আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ২০২৬ চনৰ ৭৯ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ ১২৫, ২৮৫ আৰু ২৭০ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। লগতে ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা এ এছ ০১ জি এইচ ০০০৩ আৰু এ এছ ০১ জি কে ০৭৭২ নম্বৰৰ দুখন বাহন জব্দ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অনুষ্ঠানৰ সময়ত বাহন ৰখাই যান-বাহন চলাচলত বাধা সৃষ্টি কৰা হৈছিল নেকি, সেই বিষয়টোও পৰীক্ষা কৰি থকা হৈছে। আটকাধীন ব্যৱসায়ীজনক সোধা-পোছা কৰাৰ লগতে ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
