জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ-পূব ভাৰত উৎসৱৰ আয়োজক তথা মুখ্য সংগঠক মহন্তই দাখিল কৰা জামিন আবেদন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে দেশৰ সৰ্বোচ্চ আদালতে।

ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে সোমবাৰে এই নিৰ্দেশ দিয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে জুলাই মাহৰ শেষৰ ফালে দিন নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখ্য যে, শ্যামকানু মহন্তই জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৯ মে’ত তেওঁৰ জামিন আবেদন খাৰিজ কৰাৰ পিছত।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সৈতে জড়িত এই গোচৰত মহন্ত অন্যতম অভিযুক্ত। উচ্চতম ন্যায়ালয়ে জামিন আবেদন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বক্তব্য বিচৰাৰ পিছত পৰৱৰ্তী শুনানিত দুয়োপক্ষৰ যুক্তি পৰীক্ষা কৰিব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *