বকোত হাতীৰ দাঁতসহ দুজন আটক; অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ সৰবৰাহ ৰোধৰ অভিযানৰ মাজতে এইবাৰ অসম-মেঘালয় সীমান্তত জব্দ হ’ল সন্দেহযুক্ত হাতীৰ দাঁত। এই ঘটনাৰ সৈতে জড়িত অভিযোগত দুজন লোককো আটক কৰে বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষা সংস্থাৰ এটা যৌথ দলে।

বিশেষ সূত্ৰৰ ভিত্তিত মঙলবাৰে সন্ধিয়া কামৰূপ জিলাৰ বকোৰ বামুণীগাঁও বনাঞ্চলৰ অন্তৰ্গত শান্তিপুৰ এলেকাত অভিযান চলায় বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ (ডব্লিউচিচিবি), ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা সমিতি (ডব্লিউপিএছআই) আৰু অসম বন বিভাগৰ বামুণীগাঁও বনাঞ্চলৰ এটা যৌথ দলে। অভিযানত ধৃত লোক দুজনৰ দখলৰ পৰা হাতীৰ দাঁতৰ দুটা টুকুৰা উদ্ধাৰ হয়।

ধৃত লোক দুজন লেছন মাৰাক (৫২) আৰু হ’প্ৰিং চাংমা (৪০) বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীৰ পৰা এখন হিৰো মটৰচাইকেলো জব্দ কৰে অভিযানকাৰী দলে।

উদ্ধাৰ হোৱা সামগ্ৰী আৰু ধৃত লোক দুজনক পিছত বামুণীগাঁও বনাঞ্চল কাৰ্যালয়ত উপস্থিত কৰোৱা হয়। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

জব্দ হোৱা হাতীৰ দাঁত দুটা ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ সৈতে কোনো বৃহৎ চোৰাং বন্যপ্ৰাণী সৰবৰাহ চক্ৰ জড়িত আছে নেকি, সেই দিশত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে বন বিভাগে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *