ভাৰতত এয়াৰবিএনবিৰ বৃদ্ধিত জেন জি গৃহস্থই লৈছে অনবদ্য ভূমিকা, উদীয়মান চহৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল গুৱাহাটী

গুৱাহাটী: ভাৰতৰ যুৱ প্ৰজন্ম কেৱল ভ্ৰমণকাৰী হৈ থকাৰ পৰিৱৰ্তে এতিয়া লাহে লাহে আতিথ্য সেৱা আগবঢ়োৱা গৃহস্থলৈ ক্ৰমান্বয়ে ৰূপান্তৰিত হৈছে। এয়াৰবিএনবি-এ প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ২০২৬ বৰ্ষৰ প্ৰথমাৰ্ধত ১৮ৰ পৰা ২৯ বছৰ বয়সৰ এয়াৰবিএনবি গৃহস্থৰ সংখ্যা যোৱা বছৰৰ তুলনাত প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত এয়াৰবিএনবিৰ প্ৰতি ৫জন নতুন গৃহস্থৰ ভিতৰত প্ৰায় দুজন জেন জি প্ৰজন্মৰ। ইয়াৰ সমান্তৰালভাৱে ২০২৫ চনৰ জানুৱাৰী-জুন মাহৰ তুলনাত ২০২৬ চনৰ একেই সময়ছোৱাত এই প্লেটফৰ্মৰ জৰিয়তে উপাৰ্জন ৬০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

এই অগ্ৰগতি কেৱল ডাঙৰ মহানগৰসমূহতে নহয়, বৰঞ্চ উদীয়মান পৰ্যটনস্থলীবোৰতো দেখা গৈছে। এই ক্ষেত্ৰত বেংগালুৰু, দিল্লী, গুৰুগ্ৰাম, ইন্দোৰ, মুম্বাই আৰু নয়ডাত যথেষ্ট জনপ্ৰিয়তা বাঢ়িছে। যুৱ গৃহস্থসকলৰ ক্ষেত্ৰত ইন্দোৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ হিচাপে প্ৰমাণিত হৈছে, য’ত পঞ্জীয়নৰ পৰিমাণ বছৰি ১২০ শতাংশতকৈও অধিক বৃদ্ধি হৈছে। আনহাতে, যুৱ এয়াৰবিএনবি গৃহস্থসকলক আকৰ্ষণ কৰা চহৰসমূহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ নাম অন্তৰ্ভুক্তিয়ে এই অঞ্চলটোৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ ক্ৰমবৰ্ধমান সম্ভাৱনীয়তাকে প্ৰতিফলিত কৰিছে। গুৱাহাটী যিহেতু উত্তৰ-পূব ভাৰতৰ মুখ্য প্ৰৱেশদ্বাৰ, সেয়েহে স্থানীয় যুৱ গৃহস্থসকলৰ এই বৰ্ধিত সংখ্যাই পৰ্যটকসকলৰ বাবে থকা-মেলাৰ সুবিধা বৃদ্ধি কৰিব আৰু গৃহ-ভিত্তিক আতিথ্যৰ জৰিয়তে উপাৰ্জনৰ নতুন সুযোগ সৃষ্টি কৰিব।

এয়াৰবিএনবিয়ে জনোৱা অনুসৰি কেৱল ডাঙৰ চহৰতে নহয়, গ্ৰামাঞ্চলতো জন জি গৃহস্থৰ সংখ্যা বছৰি ৬০ শতাংশ আৰু কম জনবসতিপূৰ্ণ চহৰাঞ্চলত প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। কোম্পানীটোৰ মতে, ভাৰতৰ প্ৰতি ৭জন জন জি গৃহস্থৰ ভিতৰত প্ৰায় এজনে ইতিপূৰ্বে ছুপাৰহোষ্টৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। এয়াৰবিএনবি ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মুৰব্বী অমনপ্ৰীত সিং বাজাজে কয় যে, যুৱ ভাৰতীয়সকলে স্থানীয় তথ্যৰ ভাগ-বতৰা কৰাৰ লগতে ন ন সুযোগ সৃষ্টি কৰি আতিথ্য সেৱা আৰু উদ্যমিতাক ক্ৰমান্বয়ে আদৰি লৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *