গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আৰু সমষ্টি পুনৰ গঠনৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজহ চক্ৰ এলেকাৰ বৰঝাৰ বিমানবন্দৰৰ কাষৰীয়া কাঁহিকুছি অৰ্দ্ধ সাপ্তাহিক বজাৰখন সম্প্ৰতি পৰিচালনাৰ অভাৱত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ এক কেন্দ্ৰস্থল হৈ পৰিছে। এজাক সাধাৰণ বৰষুণতে বজাৰখনত পুতি গন্ধময় পৰিবেশৰ সৃষ্টি হয়। ফলত চৰম নৰক যাতনা ভুগিব লগা হয় গ্ৰাহক আৰু বিক্ৰেতাসকলে। একেদৰে গুৱাহাটী মহানগৰ জিলা পৰিষদৰ অধীনত পৰিচালিত আৰু শতবৰ্ষ গৰকা বজাৰখন চৰকাৰী নিয়ম নীতি নিয়ম ভংগ কৰি নিবিদা তথা নিলাম নোহোৱাকৈ একেজন ব্যক্তিকে অবৈধভাবে তিনি বছৰ পৰিচালনাৰ দায়িত্ব দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
যাৰ বাবে বজাৰখনৰ দুৰ্গন্ধময় পৰিবেশৰ অৱসান ঘটাই কেনেকৈ এজন ব্যক্তিক নিবিদা অবিহনে তিনি বছৰ ধৰি বজাৰখন অবৈধভাবে পৰিচালনা কৰিব দিয়াৰ ঘটনাৰ এক তদন্তৰ দাবী জনায় আজাৰা কাঁহিকুছিৰ শ্যামল দাস নামৰ এজন সমাজ সচেতন ব্যক্তিয়ে ২৩ আগষ্টত গুৱাহাটী মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। স্মাৰক পত্ৰখনত শ্যামল দাসে উল্লেখ কৰা অনুসৰি মহলদাৰৰ সু-পৰিচালনা আৰু সু-পৰিকল্পনাৰ অভাৱত ব্যস্ত মুল পথৰ দাঁতিত মাছ-মাংসৰ লগতে অন্য সামগ্রী কিনা-বেচা কৰিবলৈ দিয়া আৰু স্বচ্ছতাৰ অভাৱত বজাৰখনৰ পৰিৱেশ অস্বাস্থ্যকৰ হোৱা বাবে স্থানীয় ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও মহলদাৰে কোনো নীতি-নিয়ম অৱলম্বন নকৰি ব্যৱসায়ী সকলৰ পৰা হকে-বিহকে জোৰ-জৱৰদস্তি কৰি কৰ সংগ্ৰহ কৰাৰ ফলত ব্যৱসায়ীসকলো বহু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে ।
ইমানখিনি বিংসগতি থকাৰ পিছতো একেজন ব্যক্তিকে কাৰ প্ৰৰোচনাত কোনো ধৰণৰ নিবিদা বা নিলাম অনুষ্ঠিত নকৰাকৈ ব্যক্তিগতভাৱে তিনিবছৰ ধৰি বজাৰখন পৰিচালনা কৰাৰ দায়িত্ব প্রদান কৰা হৈছে। জানিব পৰা মতে ২০২৩ চনত বজাৰখন পৰিচালনাৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। সেই অনুসৰি আজাৰা অঞ্চলৰ নিতুল দাস, হৰকান্ত নাথ, গজেন দাসকে ধৰি কেবাজনো লোকে নিবিদাত ভাগ লৈছিল। তাৰ ভিতৰত নিতুল দাস নামৰ লোকজনে এটা বছৰৰ বাবে প্ৰায় ১৪ লাখ টকাত বজাৰখন পৰিচালনাৰ দায়িত্ব লাভ কৰে। পৰৱৰ্তী ২০২৪ , ২০২৫ আৰু চলিত ২০২৬ বৰ্ষত কোনো ধৰণৰ নিবিদা আহ্বান নকৰাকৈয়ে একেজন ব্যক্তিকে বজাৰখন পৰিচালনা কৰিব দি অহা নাই।
