ভুৱা ব্ৰিগেডিয়াৰৰূপে চলাই আছিল প্ৰৱঞ্চনা; ফান্দ পাতি ২১ বছৰীয়া যুৱকক আটক সেনাৰ

উচ্চপদস্থ সেনা বিষয়া বুলি পৰিচয় দি কেইবাটাও সপ্তাহ ধৰি চলাই আহিছিল ভয়ংকৰ প্ৰৱঞ্চনা। অৱশেষত সেনা ছাউনীত অভিযান চলাই প্ৰৱঞ্চক যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সেনা। উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত নিজকে ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰ বুলি পৰিচয় দি ঘূৰি ফুৰা অভিযুক্ত যুৱকজনৰ নাম ২১ বৰ্ষীয় আৰ্যন বাৰ্মা বুলি চিনাক্ত কৰা হৈছে।

সেনা সূত্ৰৰ তথ্য অনুসৰি, শাহজাহানপুৰৰ বাসিন্দা আৰ্যনে পূৰ্ণ সামৰিক পোছাক পৰিধান কৰি নিজকে কৰ্মৰত ব্ৰিগেডিয়াৰ বুলি পৰিচয় দিছিল। কেৱল সেয়াই নহয়, ব্ৰিগেডিয়াৰৰ এক-তৰা চিহ্ন আৰু সেনা মুখ্য কাৰ্যালয়ৰ পতাকাযুক্ত এখন ব্যক্তিগত বাহন ব্যৱহাৰ কৰি তেওঁ নগৰখনত চলাচল কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে।

ঘটনাটোৱে পোহৰলৈ আহে দুজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ সন্দেহৰ পিছত। কম বয়সতে কোনো ব্যক্তিয়ে ব্ৰিগেডিয়াৰৰ দৰে উচ্চ পদত অধিষ্ঠিত হোৱাৰ দাবী কৰাটো অস্বাভাৱিক বুলি অনুভৱ কৰি তেওঁলোকে বিষয়টো সেনা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে। তাৰ পিছতে অভিযুক্তজনৰ গতিবিধিৰ ওপৰত নজৰদাৰি আৰম্ভ কৰে সেনাই।

অভিযুক্তজনক হাতে-লোটে ধৰিবলৈ এক বিশেষ কৌশল অৱলম্বন কৰে তদন্তকাৰীয়ে। সেনাত নিযুক্তিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলৰ আগত প্ৰেৰণাদায়ক ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱাৰ ছলেৰে তেওঁক শ্বহীদ সংগ্ৰহালয়লৈ মাতি অনা হয়। নিৰ্ধাৰিত দিনা পূৰ্ণ সামৰিক পোছাক পৰিধান কৰি বাহনসহ উপস্থিত হোৱাৰ লগে লগে তেওঁক আটক কৰে সেনাৰ দলে।

আৰ্যনৰ সৈতে থকা আন দুজন ব্যক্তিকো জিম্মাত লোৱা হৈছে। তদন্তত পোহৰলৈ আহে যে দৈনিক দুহাজাৰ টকাৰ বিনিময়ত নিযুক্তি দিয়া এই দুজনক তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা গাৰ্ডৰ কমাণ্ডো বুলি পৰিচয় দিছিল।

তালাচীৰ সময়ত অভিযুক্তজনৰ পৰা এখন সন্দেহজনক পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে। সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ ছীল থকা সেই পত্ৰখন ভুৱা বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰীয়ে। ইয়াৰ উপৰি এডাল সামৰিক লাঠি আৰু এটা নকল পিষ্টলো জব্দ কৰা হৈছে।

বৰ্তমান বৰেলীৰ বিশেষ সেনা চোৰাংচোৱা দলে তদন্তৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে অভিযুক্তজনক জেৰা অব্যাহত ৰাখিছে। সামৰিক পোছাক, ছীল-মোহৰ আৰু বাহনত ব্যৱহৃত বিভিন্ন সামৰিক চিহ্ন তেওঁ ক’ৰ পৰা সংগ্ৰহ কৰিছিল, সেই বিষয়েও অনুসন্ধান চলাই আছে তদন্তকাৰীয়ে।

শাহজাহানপুৰৰ আৰক্ষী অধীক্ষক সৌৰভ দীক্ষিতে জানিবলৈ দিয়া মতে, সেনাৰ আনুষ্ঠানিক তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত অভিযুক্তজনক আৰক্ষীৰ জিম্মালৈ হস্তান্তৰ কৰা হ’ব। তাৰ পিছতে গোচৰ ৰুজু কৰি আৰক্ষীয়ে নিজা তদন্ত আৰম্ভ কৰিব।

উল্লেখ্য যে, আৰ্যন বৰ্মা নিট পৰীক্ষাৰ এজন প্ৰাৰ্থী আছিল। কিন্তু একাধিকবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈও সফল হ’ব পৰা নাছিল যুৱকজন। ধৃত যুৱকজনৰ পিতৃ উদ্যান শাখাৰ বিষয়া আৰু মাতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী বুলি জানিব পৰা গৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *