কৰিমগঞ্জত গৰুচোৰ সন্দেহত নৃশংসতা: এয়াৰগান, তৰোৱালেৰে আক্ৰমণ, চাৰি অভিযুক্ত গ্ৰেপ্তাৰ

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি অঞ্চলত নিজৰ হেৰোৱা গৰু বিচাৰি কাষৰ গাঁৱলৈ যোৱা দুজন যুৱক গৰুচোৰ বুলি সন্দেহ কৰি গণপ্ৰহাৰৰ সন্মুখীন হ’ল। ঘটনাৰ পিছত আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উঠিছে। ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতহে আৰক্ষী সক্ৰিয় হয়। মূল চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বিষয়টোক লৈ বিক্ষোভ অব্যাহত আছে।

স্থানীয় সূত্ৰ অনুসৰি, যোৱা ১ জুনত মামবাৰি গাঁৱৰ এটা পৰিয়ালৰ কেইটামান গৰু নিৰুদ্দেশ হয়। পৰিয়ালৰ সদস্যসকলে নালুগাঁও গাঁৱত গৰুকেইটাৰ সন্ধান পাই ঘূৰাই আনিবলৈ যায়। সেই সময়ত পৰিয়ালৰ দুজন কিশোৰ সদস্যক এদল গাঁওবাসীয়ে আটক কৰি মাৰপিট কৰে। তেওঁলোকৰ গাত লগাই এয়াৰগানৰ পৰা গুলীও চলোৱা হয়। লাঠি, তৰোৱাল দিও আক্ৰমণ চলোৱা হয়। গুৰুতৰভাৱে আহত অৱস্থাত দুয়োজন কিশোৰক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁলোকৰ শৰীৰৰ পৰা এয়াৰগানৰ পেলেট উলিওৱা হৈছে।

ঘটনাৰ ভিডিঅ’ বিয়পি পৰাৰ পিছত নিন্দাৰ জোৱাৰ উঠিছে। প্ৰতিবাদ, বিক্ষোভ আৰম্ভ হৈছে। আক্ৰমণত বহু লোক জড়িত থাকিলেও আৰক্ষীয়ে জনাইছে যে এতিয়ালৈকে মূল অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে। এটা ভঙা এয়াৰগান উদ্ধাৰ কৰা হৈছে।

হাস্পতালত আহতসকলক চাবলৈ আহি সোণাইৰ বিধায়ক আমিনুল হক লস্কৰে কয়, যিধৰণে দুজন কিশোৰক মাৰপিট কৰা হৈছে, সেয়া কোনো সভ্য সমাজত গ্ৰহণযোগ্য হ’ব নোৱাৰে। লগাপুৰ-কাটলিছড়া সমষ্টিৰ বিধায়ক জুবাইৰ আনামেও তদন্তৰ লেহেমীয়া গতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। আজি তেওঁৰ বিক্ষোভ সমদল আৰক্ষীয়ে বাধা দিয়ে। পিছত তেওঁ সংগীসকলৰ সৈতে এছপিক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিয়ে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *