২০২৬ ৰ ফ্ৰেন্স অ’পেনৰ পুৰুষৰ একক ফাইনেলত দেওবাৰে আলেকজেণ্ডাৰ ঝভেৰেভ আৰু ফ্লেভিঅ’ ক’ব’লিৰ মাজত অনুষ্ঠিত হ’ব আৰু দুয়োজনে প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেন জয় কৰাৰ সুযোগ পাব। ঝভেৰেভে জাকুব মেনছিকক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মেটিঅ’ আৰ্নাল্ডিয়ে অসুস্থতাৰ বাবে মেচখনৰ পৰা আঁতৰি যোৱাৰ পিছত ক’ব’লিয়ে নিজৰ স্থান নিশ্চিত কৰে। শুকুৰবাৰে ফ্ৰেন্স অ’পেনৰ প্ৰথমখন একক ছেমি ফাইনেলত চেক তাৰকা জাকুব মেনছিকক চাৰিটা ছেটত পৰাস্ত কৰে আলেকজেণ্ডাৰ ঝভেৰেভে। তিনি ঘণ্টা এক মিনিটৰ খেলখনত পেৰিছৰ ক’ৰ্ট ফিলিপ-চেট্ৰিয়াৰৰ বিৰুদ্ধে আলেকজেণ্ডাৰ ঝভেৰেভে জাকুব মেনছিকক ৭-৫, ৬-২, ৩-৬, ৬-৩ ত পৰাস্ত কৰে। দ্বিতীয়বাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ঝভেৰেভ।
জয়ৰ পিছত ঝভেৰেভে কয়-তৃতীয় ছেটত মেনচিকে আচৰিত ধৰণে খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ সঁচাকৈয়ে বেলেগ স্তৰত উপনীত হৈছিল। কিন্তু এইটো এটা গ্ৰেণ্ড শ্লেম। এইবোৰ বেষ্ট অৱ ফাইভ ছেট। বিপক্ষই ভাল খেলিব। সেইটোৰ সৈতে মোকাবিলা কৰিব লাগিব। মই কৰিলোঁ, আৰু দেওবাৰে আন এখন ডাঙৰ মেচ খেলিবলৈ আশা কৰিছো। দ্বিতীয়খন ফ্ৰেন্স অ’পেন একক ছেমি ফাইনেল আছিল মেটিঅ’ আৰ্নাল্ডিৰ বাবে হৃদয়বিদাৰক। শুকুৰবাৰে পেৰিছত ফ্লেভিঅ’ ক’বলিৰ বিৰুদ্ধে খেলা খেলখনৰ পৰা তেওঁ ভাইৰেল ৰোগৰ বাবে আঁতৰি আহিবলগীয়া হয়। আৰ্নল্ডিৰ প্ৰত্যাহাৰৰ লগে লগে ক’বলিয়ে প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰে। দেওবাৰে ফাইনেলত মুখামুখি হ’ব কোবলিয়ে আলেকজেণ্ডাৰ ঝ্ভেৰেভৰ বিৰুদ্ধে।
ঝভেৰেভ আৰু ক’বলিৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে। কোবলিয়ে তেওঁলোকৰ এটিপিৰ হেড টু হেড শৃংখলাত ৩-১ ত আগবাঢ়ি আছে। যোৱা বছৰ ৰ’লেণ্ড গাৰোছত তৃতীয় ৰাউণ্ডত মুখামুখি হৈছিল ঝভেৰেভে ৬-২, ৭-৬(৪), ৬-১ত জয়লাভ কৰিছিল। ২৯ বছৰীয়া ঝভেৰেভৰ ডাঙৰ ডাঙৰ প্ৰতিযোগিতাত এক উৎকৃষ্ট অভিলেখ আছে। ২০২০ চনত ইউ এছ অ’পেনত ৰানাৰ্ছ আপৰ স্থান দখল কৰি যোৱা বছৰ অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত পৰাস্ত হোৱাৰ লগতে ২০২৪ চনত ফ্ৰেন্স অ’পেনৰ খিতাপ জয় কৰিবলৈ মাত্ৰ এটা ছেট বাকী আছিল।
