পথাৰত শ্ৰমিকৰ কাম কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে পিতৃয়ে। কিন্তু সেই পিতৃৰ সুযোগ্য কন্যাই এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলালে ভাৰতৰ মান। হংকঙত অনুষ্ঠিত ২২ সংখ্যক এছিয়ান অনুৰ্ধ-২০ এথলেটিক্স চেম্পিয়নশ্বিপৰ মহিলাৰ ৪×১০০ মিটাৰ ৰিলে দৌৰত ৰূপৰ পদক লাভ কৰি পৰিয়াল তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল উদীয়মান স্প্ৰিণ্টাৰ কাজল বাজা। দেওবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি এক নতুন ৰাষ্ট্ৰীয় অভিলেখো গঢ়ে এইগৰাকী খেলুৱৈয়ে।
প্ৰতিযোগিতাখনত তামিলনাডুৰ ভাৱনা, হাৰিয়ানাৰ আৰতি আৰু উত্তৰ প্ৰদেশৰ নিপমৰ সৈতে দলবদ্ধ হৈ কাজলে ৪৫.০৫ ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ অনুৰ্ধ-২০ দলৰ নামত থকা ৪৫.০৮ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি এই নতুন নজিৰ স্থাপন কৰে চাৰিগৰাকী এথলীটে।
গুজৰাটৰ জুনাগড় জিলাৰ চোৰৱাড় গাঁৱৰ এক অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ১৯ বছৰীয়া কাজলৰ এই যাত্ৰা সকলোৰে বাবে অনুপ্ৰেৰণাদায়ক। পিতৃ হীৰাভাই বাজা পেচাত এগৰাকী খেতি পথাৰৰ শ্ৰমিক হোৱাৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ মাজেৰে চলিছিল কাজলৰ পৰিয়াল। ক্ৰীড়াৰ প্ৰতি থকা তীব্ৰ একাগ্ৰতাৰ বাবে কাজলে দ্বাদশ শ্ৰেণীতে পঢ়া এৰি কেৱল প্ৰশিক্ষণত মনোনিৱেশ কৰে। অৱশেষত তেওঁ নিজৰ এই কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফল লাভ কৰে।
এথলেটিক্স কেৰিয়াৰত কাজলে ইয়াৰ পূৰ্বে কেইবাটাও উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। অলপতে ৰাঁচীত অনুষ্ঠিত দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰাৰ লগতে চলিত বৰ্ষৰ মাৰ্চ মাহত ভুৱনেশ্বৰত অনুষ্ঠিত ইণ্ডোৰ অপেন এথলেটিক্সৰ ৬০ মিটাৰ দৌৰত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয় কাজলে। গুজৰাট ক্ৰীড়া প্ৰাধিকৰণৰ বিদ্যালয় কাৰ্যসূচীৰ জৰিয়তে ক্ৰীড়া জগতত ভৰি দিয়া কাজলে বৰ্তমান নাদিয়াদৰ উন্নত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
কাজলৰ এই অভূতপূৰ্ব সফলতাত গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ চাংঘৱীয়ে সমগ্ৰ ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰে। এক চৰকাৰী বিবৃতিত তেওঁ কয় যে খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবৰ বাবে চৰকাৰ সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইফালে, এই একেখন প্ৰতিযোগিতাত গুজৰাটৰ আন এজন খেলুৱৈ ৰাহুল জাখৰে ডেকাথলনত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
