প্ৰাণে মৰাৰ চেষ্টা! আদালতৰ দাৰস্থ হোৱাৰ সিদ্ধান্ত তৃণমূল নেতা অভিষেক বেনাৰ্জীৰ

পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নিজৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ সমগ্ৰ ঘটনা লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আনুষ্ঠানিকভাৱে অৱগত কৰিব তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে। দলীয় সূত্ৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান এএনআই-এ প্ৰকাশ কৰা অনুসৰি, এই আক্ৰমণৰ ঘটনাক লৈ সাংসদগৰাকীয়ে অতি সোনকালে আদালতৰো দ্বাৰস্থ হ’ব।

উল্লেখ্য যে, নিৰ্বাচন পৰৱৰ্তী হিংসাত্মক কাৰ্যকলাপৰ বলি হোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰিবলৈ সোণাপুৰলৈ যোৱাৰ সময়তে একাংশ দুৰ্বৃত্তই অভিষেক বেনাৰ্জীক লক্ষ্য কৰি ইটা, শিল আৰু কণীৰে তীব্ৰ আক্ৰমণ চলায়। এই ঘটনাত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ চকুৰ কাষত গুৰুতৰ আঘাত লাগে। এই আক্ৰমণৰ আঁৰত ভাৰতীয় জনতা পাৰ্টী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বেনাৰ্জীয়ে কয় যে এয়া তেওঁক হত্যা কৰাৰ এক পৰিকল্পিত ষড়যন্ত্ৰ আছিল আৰু আৰক্ষীয়ে তেওঁক পৰ্যাপ্ত নিৰাপত্তা যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

জানিব পৰা মতে, এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্ত কেইজনক ক্ৰমে আকাশ গায়ন, কাজল দাস, দেবাশীষ দত্ত, নিৰ্মল্য সেনগুপ্ত আৰু তপন মাইতি বুলি চিনাক্ত কৰা হৈছে। সোমবাৰে তেওঁলোকক বাৰুইপুৰৰ এখন আদালতত হাজিৰ কৰোৱা হয়।

এই সমগ্ৰ বিষয়টোক লৈ বৰ্তমান পশ্চিম বংগত এক তীব্ৰ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে। তৃণমূল কংগ্ৰেছে অভিযোগ কৰা অনুসৰি, দলটোৰ শীৰ্ষ নেতাসকলক লক্ষ্য কৰি ধাৰাবাহিকভাৱে এনে আক্ৰমণ চলোৱা হৈছে। উল্লেখ্য যে, যোৱা দেওবাৰে হুগলি জিলাৰ চণ্ডীতলা থানাৰ সমীপতো তৃণমূল কংগ্ৰেছৰ আন এজন সাংসদ কল্যাণ বেনাৰ্জী আক্ৰমণৰ বলি হৈছিল। বিজেপি সমৰ্থকে তেওঁৰ মূৰত আঘাত কৰা বুলি কল্যাণ বেনাৰ্জীয়ে কৰা অভিযোগৰ বিপৰীতে বিজেপিয়ে এই দাবী প্ৰত্যাখ্যান কৰে আৰু এয়া তৃণমূল নেতাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ বুলিহে অভিহিত কৰে।

ইফালে, নিজৰ ওপৰত হোৱা এই আক্ৰমণক বিজেপিয়ে আশ্ৰয় দিয়া ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ বুলি আখ্যা দিছে অভিষেক বেনাৰ্জীয়ে। এই সংকটৰ সময়ত তেওঁলৈ সমৰ্থন আগবঢ়োৱা বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰি সামাজিক মাধ্যমত তেওঁ কয়, “আমাৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ আৰু সংবিধানৰ মৰ্যাদা ৰক্ষাৰ বাবে বিৰোধী দলসমূহ সদায় ঐক্যবদ্ধ হৈ থাকিব।”

আনহাতে, বিজেপিয়ে এই ধৰণৰ সকলো হিংসাত্মক কাৰ্যকলাপক তীব্ৰ গৰিহণা দিয়ে। ইয়াৰ লগতে দলটোৱে স্পষ্ট কৰে যে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে জনসাধাৰণৰ মনত বছৰ বছৰ ধৰি গোট খাই থকা অসন্তুষ্টিৰ বাবেই বৰ্তমান এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *