ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে

ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ মাটি আৰু শিলৰ নমুনা ভাৰতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইছৰোৰ এনআৰএছচিৰ সঞ্চালক ড৹ প্ৰকাশ চৌহানে বৃহস্পতিবাৰে ভূপালত এই কথা সদৰী কৰে ৷ তেওঁ কয়, ‘‘ইছৰোৱে চন্দ্ৰযান ৪ ৰ বাবে ২০২৮ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ আমাৰ বিজ্ঞানীসকলে এই লক্ষ্য মনত ৰাখিয়েই কাম কৰি আছে ।’’ইছৰোৱে চন্দ্ৰৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ অবিৰতভাৱে কাম কৰি আছে । চন্দ্ৰযান ২-য়ে এতিয়াও ইতিবাচক ফলাফল দিছে । চন্দ্ৰযান ২ ৰ অৰ্বিটাৰে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা চাৰিটা স্থায়ী ক’লা গহ্বৰৰ তলত পোত খাই থকা বৰফৰ কথা আৱিষ্কাৰ কৰিছে । ইয়াৰ দ্বাৰা চন্দ্ৰত পানীৰ উপস্থিতিৰ প্ৰবল ইংগিত পোৱা যায় । ইছৰ’ই এতিয়া এই দিশত অধিক কাম কৰিবলৈ সাজু হৈছে ।’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *