আৰক্ষীৰ জিম্মাত ভয়ংকৰ দুৰ্ঘটনাত পতিত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত; হাস্পতালত ভৰ্তি

আৰক্ষীৰ জিম্মাত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ’ল নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান। লখিমপুৰৰ এই অপৰাধীটোক লৈ শুকুৰবাৰে নিশা বৰঘাটত লুণ্ঠিত সোণ উদ্ধাৰৰ বাবে অভিযান চলাইছিল আৰক্ষীৰ এটা দলে। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা আন এখন দ্ৰুতবেগী বাহনে আৰক্ষীৰ গাড়ীখনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰচণ্ড সংঘৰ্ষৰ ফলত ডকাইত ৰাজিবুৰ ৰহমানৰ দুয়োখন ভৰি সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে। এই ঘটনাত আৰক্ষী বিষয়া বিমান গগৈকে ধৰি আন দুজন আৰক্ষী জোৱানো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজৰ সহযোগত আটাইকেইজনকে ততাতৈয়াকৈ উদ্ধাৰ কৰি বৰ্তমান নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে।

ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ জিম্মাত থকা অপৰাধীৰ সৈতে নিশাৰ ভাগত এনেধৰণৰ ৰহস্যজনক দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। মৰিকলঙৰ দৰে এটা স্পৰ্শকাতৰ গোচৰৰ মূল অভিযুক্তক লৈ কৰা অভিযানত আৰক্ষীৰ সুৰক্ষা ব্যৱস্থা ইমান দুৰ্বল কিয় আছিল, তাক লৈ এতিয়া বিভিন্ন মহলত পৰোক্ষ প্ৰশ্নৰ উদয় হৈছে। এই দুৰ্ঘটনাৰ পাছতো ডকাইতি কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত থকা বুলি আৰক্ষী সূত্ৰই কেৱল আনুষ্ঠানিকভাৱে জানিবলৈ দিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *