চিৰাঙত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত পত্নীসহ চিআইএছএফৰ জোৱান; গুৰুতৰভাৱে আহত কন্যা

চিৰাং জিলাৰ বিজনী-কোকলুং পথত শুকুৰবাৰে নিশা সংঘটিত এক মৰ্মন্তুদ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চি আই এছ এফৰ এজন জোৱান আৰু তেওঁৰ পত্নীয়ে। গাঁৱৰ মন্দিৰৰ বাৰ্ষিক পূজাৰ সামৰণি অনুষ্ঠানত অংশ লৈ ভূমকিপাৰাৰ নিজ গৃহলৈ স্কুটীৰে উভতি অহাৰ সময়তে উত্তৰ শীলবাৰীত এই ঘটনাটো সংঘটিত হয়। পিছফালৰ পৰা অহা ‘AS 26 F 2229’ পঞ্জীয়ন নম্বৰৰ এখন দ্ৰুতবেগী চুইফট কাৰে স্কুটীখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

প্ৰচণ্ড সংঘৰ্ষৰ ফলত স্কুটী আৰোহী অনামিকা পাটগিৰী ৰায়ৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত তেওঁৰ স্বামী তথা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ জোৱান ৰাহুল ৰায়ে পাছত বঙাইগাঁৱৰ লৱাৰ আছাম হাস্পতালত মৃত্যুবৰণ কৰে। শেহতীয়াকৈ ছুটি লৈ ঘৰলৈ অহা জোৱানজনৰ এই অকাল মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

দুৰ্ঘটনাটোত তেওঁলোকৰ একমাত্ৰ কন্যা কস্তুৰী ৰায়ো গুৰুতৰভাৱে আহত হয়। বৰ্তমান ল’ৱাৰ আছাম হাস্পতালতে চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। আনহাতে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে চাৰিচকীয়া বাহনখনৰ চালকজন। আৰক্ষীয়ে ইতিমধ্যে ঘাতক বাহনখন জব্দ কৰি ঘটনাৰ সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *