চনীয়ে এক্সআৰ প্ৰচেছৰ আৰু ১২০ হাৰ্জ ৰিফ্ৰেছ ৰেটৰ সৈতে আগবঢ়াইছে ব্ৰেভিয়া ৩II, ব্ৰেভিয়া ৩ ছিৰিজক উন্নীত কৰিছে বুদ্ধিদীপ্ত ছবি প্ৰদৰ্শনৰ এক নতুন যুগলৈ

চনীয়ে ভাৰতত নিজৰ নতুন ব্ৰেভিয়া ৩II টেলিভিছন ছিৰিজ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য’ত নিজৰ মিড প্ৰিমিয়াম স্মাৰ্ট টিভি সূচীত উন্নত এআই-চালিত ছবি প্ৰচেছিং আৰু পৰৱৰ্তী প্ৰজন্মৰ গেমিং বৈশিষ্ট্যসমূহ সন্নিৱিষ্ট কৰা হৈছে। কোম্পানীটোৱে জনোৱা মতে, নতুন ছিৰিজটো চনীৰ এক্সআৰ প্ৰচেছৰ™ৰ দ্বাৰা চালিত, যি মানুহে দেখা আৰু শুনা ধৰণে সমল বিশ্লেষণ কৰি বৰ্ধিত ৰং, কনট্ৰাষ্ট, গভীৰতা আৰু স্পষ্টতা প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ব্ৰেভিয়া ৩II ছিৰিজত এক্সআৰ ট্ৰিলুমিনোছ প্ৰ ™, ডলবী ভিজন®, ডলবী এটমছ®, ডিটিএছ:এক্স® আৰু চিনেমাৰ দৰ্শন আৰু গেমিং অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে ৪কে ১২০ হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সমৰ্থনেৰে বিশেষ ধৰণে প্ৰস্তুত কৰা হৈছে। চনীয়ে জনোৱা মতে, টেলিভিছন বিকল্পসমূহ প্ৰথম অৱস্থাত ৫৫ ইঞ্চি আৰু ৬৫ ইঞ্চিৰ ভেৰিয়েণ্টত মুকলি কৰা হ’ব, আনহাতে চলিত বৰ্ষৰ জুলাইৰ পৰা আগষ্টৰ ভিতৰত ১০০ ইঞ্চিৰ মডেলকে ধৰি ডাঙৰ আকাৰৰ স্ক্ৰীন টিভিসমূহ মুকলি হোৱাৰ সম্ভাৱনা আছে।

কোম্পানীটোৱে জনোৱা মতে, এই স্মাৰ্ট টিভিসমূহে এইচডিএমআই ২.১ গেমিং বৈশিষ্ট্য যেনে ভেৰিয়েবল ৰিফ্ৰেছ ৰেট (ভিআৰআৰ), অটো ল’ লেটেন্সি মোড (এলএলএম) আৰু ডলবি ভিজন গেমিং সমৰ্থন কৰে। ইয়াৰ লগতে, এই মডেলসমূহ গুগল টিভি, হেণ্ডছ-ফ্ৰী ভইচ চাৰ্চ, এপল এয়াৰপ্লে ২, হোমকিট, আমাজন এলেক্সা কম্পেটিবিলিটী আৰু আগন্তুক গুগল জেমিনাই এআই সমৰ্থনৰ সৈতেও অ’টিএ আপডেটৰ জৰিয়তে সংযুক্ত কৰা হৈছে। চনীয়ে জনোৱা মতে, ২০২৬ চনৰ মে’ মাহৰ পৰা চনীৰ খুচুৰা বিপণী, প্ৰধান ইলেক্ট্ৰনিক আউটলেট আৰু ই-কমাৰ্চ প্লেটফৰ্মত ব্ৰেভিয়া ৩II টেলিভিছন উপলব্ধ হ’ব। ৫৫ ইঞ্চিৰ মডেলটোৰ প্ৰাৰম্ভিক মূল্য ১,৫৯,৯০০ টকা, আনহাতে শ্ৰেষ্ঠ দাম ৯৯,৯৯০ টকা।

গুৱাহাটী মহানগৰীৰ খুচুৰা বিক্ৰেতা আৰু ইলেক্ট্ৰনিকছ ডিলাৰসকলে উৎসৱ ছিজনৰ পূৰ্বে আৰু ক্ৰিকেটৰ বতৰত  বৃহৎ পৰ্দাৰ প্ৰিমিয়াম স্মাৰ্ট টিভিৰ শক্তিশালী চাহিদাৰ আশা কৰিছে।  উদ্যোগ পৰ্যবেক্ষকসকলে কয় যে, অসমৰ নগৰীয়া গ্ৰাহকসকলৰ মাজত ঘৰুৱা মনোৰঞ্জন, অ’টিটি ষ্ট্ৰীমিং আৰু গেমিঙৰ প্ৰতি বৰ্ধিত আগ্ৰহে ব্ৰেভিয়া ৩ ছিৰিজৰ দৰে প্ৰিমিয়াম টেলিভিছন মডেলৰ বিক্ৰী বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *