শব্দৰ সূতাৰে কবিতাৰ মালা গাঁথি জীৱন আৰু প্ৰকৃতিক ভাল পাবলৈ শিকোৱা মানুহজন আৰু নাই! জটিল ৰোগৰ সৈতে যুঁজি যুঁজি মঙলবাৰে ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অসমীয়া কবি জোনমণি দাসে। ডিব্ৰুগড়ৰ মেডিচিটী হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুৰ ওচৰত হাৰ মানে তৰুণ কবিগৰাকীয়ে। তেওঁৰ এই আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ অসমৰ সাহিত্য সমাজক ম্ৰিয়মাণ কৰি তুলিছে।
১৯৮৫ চনৰ ৩১ মে’ত শিৱসাগৰত জন্মগ্ৰহণ কৰা জোনমণি দাসে আধুনিক অসমীয়া কবিতাৰ জগতত এক বলিষ্ঠ আৰু স্বকীয় কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰে। সাহসী আৰু স্পষ্ট কাব্যশৈলীৰ বাবে পাঠকৰ মাজত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী কবিয়ে আধুনিক সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।
কবিতাৰ উপৰিও শিশু সাহিত্যলৈ দাসে আগবঢ়াইছিল বিশেষ অৱদান। শিশুৰ বাবে কেইবাখনো পুথি ৰচনা কৰা দাসে জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’ৰ সম্পাদনা গোষ্ঠীৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল। সাহিত্যিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হোৱা কবিগৰাকীৰ বিয়োগত আজি ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ সৃষ্টিৰাজিক অসমৰ সাহিত্যপ্ৰেমীয়ে সদায় শ্ৰদ্ধাৰে সোঁৱৰিব।
