একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ৰাজনীতিত আজি সংযোজন হৈছে এক ঐতিহাসিক অধ্যায়। বিজেপিৰ জ্যেষ্ঠ তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বলিষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল গ্ৰহণ কৰে।

আজিৰ শপত গ্ৰহণ অনুষ্ঠানত এন ডি এৰ গুৰুত্বপূৰ্ণ মিত্ৰ দলৰ চাৰিগৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে।

বিজেপিৰ ৰামেশ্বৰ তেলী, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, বিজেপিৰ অজন্তা নেওগ আৰু বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ জ্যেষ্ঠ নেতা চৰণ বড়োই কেবিনেট মন্ত্ৰীৰ শপত লয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *