বংগত ইতিহাস ৰচনা কৰি আজি প্ৰথমবাৰৰ বাবে গঠন হ’ল বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ২১ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। বংগৰ এই চৰকাৰ পৰিৱৰ্তনৰ জোৱাৰৰ মাজতে আজি সৰৱ হৈ পৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটো। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি এয়া বিজেপিৰ এক ভ্ৰষ্ট পৰম্পৰা বুলি অভিহিত কৰে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা সঞ্জয় ৰাউতে।
শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে দুৰ্নীতিগ্ৰস্ত লোকক ক্ষমতা প্ৰদান কৰাৰ যি পৰম্পৰা বিজেপিৰ আছে, শুভেন্দু অধিকাৰীক মুখ্যমন্ত্ৰী পাতি সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা হৈছে। ২০২০ চনৰ এক ষ্টিং অপাৰেচনত অধিকাৰীয়ে ধন লৈ থকাৰ দৃশ্য ধৰা পৰাৰ পাছতো তেওঁক এনে দায়িত্ব দিয়া কাৰ্যক লৈ ৰাউতে তীব্ৰ কটাক্ষ কৰে।
ইফালে, সঞ্জয় ৰাউতৰ এই অভিযোগৰ পাছতেই প্ৰত্যাক্ৰমণ চলাই বিজেপিৰ মুখপাত্ৰ নৱনাথ বানে কয় যে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে থকা অভিযোগ এতিয়াও প্ৰমাণিত হোৱা নাই। বানে লগতে কয়, “শুভেন্দু অধিকাৰী দোষী সাব্যস্ত হোৱা নাই, কিন্তু সঞ্জয় ৰাউতে ইতিমধ্যে কাৰাগাৰৰ ভাত খাইছে।” মুম্বাইৰ পাত্ৰা চাউল পুনৰ নিৰ্মাণ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ২০২২ চনত ৰাউত তিনি মাহৰ বাবে জেলত থকাৰ কথা উল্লেখ কৰি বানে তেওঁক সমালোচনা কৰে।
উল্লেখ্য যে, বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২৯৪ খন আসনৰ ভিতৰত ২০৭ খন আসন লাভ কৰি তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলায়। শুভেন্দু অধিকাৰীয়ে শনিবাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা মুহূৰ্ততে বিৰোধীৰ পৰা অহা এনে প্ৰতিক্ৰিয়াই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।
