পশ্চিমবংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ সমাৰোহক সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতৰ বাবে এক ঐতিহাসিক ‘বিজয় দিৱস’ হিচাপে অভিহিত কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে কলকাতাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বংগত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক নতুন ৰাজনৈতিক সুস্থিৰতা আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
কলকাতাৰ এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু দেশৰ ২১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে। পশ্চিমবংগত বিজেপিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ঝাৰখণ্ডৰ বাহিৰে সমগ্ৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চল এতিয়া বিজেপি অথবা এন ডি এৰ দখললৈ আহিব বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই সমগ্ৰ পৰিৱৰ্তনক লৈ হিমন্ত বিশ্ব শৰ্মাই কয়, “কাইলৈ এক বিজয় দিৱস হ’ব। প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু ২১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী কাইলৈ উপস্থিত থাকিব। কাইলৈৰ পৰা সমগ্ৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলত বিজেপি আৰু এন ডি এৰ মুখ্যমন্ত্ৰী থাকিব। ঝাৰখণ্ডক বাদ দি এই অঞ্চলৰ প্ৰতিখন ৰাজ্যতে বিজেপিৰ শাসন চলিব।”
বংগৰ আইন-শৃংখলাক লৈও আশাবাদী মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয়, “বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক হৈ পৰিব।” উল্লেখ্য যে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ আজি বিয়লি পুনৰ গুৱাহাটীলৈ উভতি আহিব।
