দিল্লীৰ ঐতিহাসিক মন্দিৰ আৰু সামৰিক শিবিৰত কূটাঘাতৰ ভয়ংকৰ ষড়যন্ত্ৰ! আৰক্ষীৰ জালত আইএছআইৰ ৯ জনীয়া মডিউল

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ এবছৰ পাছতেই দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত কূটাঘাতৰ এক ভয়ংকৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এক বিশেষ অভিযানত পোহৰলৈ আহে এই উদ্বেগজনক তথ্য। পাকিস্তানৰ পৰা পৰিচালিত ‘শ্বাহজাদ ভাট্টি মডিউল’ৰ জৰিয়তে দিল্লীৰ ঐতিহাসিক মন্দিৰৰ পৰা আৰম্ভ কৰি হাৰিয়ানাৰ সামৰিক শিবিৰলৈকে আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে।

‘গেং বাষ্ট অপাৰেচন ২.০’ৰ অধীনত বিভিন্ন ৰাজ্যৰ পৰা এই মডিউলৰ ৯ জন সদস্যক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। ধৃত অভিযুক্তক জেৰা কৰি তদন্তকাৰীয়ে জানিব পাৰে যে ইয়াৰে এজন সদস্যই দিল্লীৰ এক ঐতিহাসিক মন্দিৰত তহল দিয়াৰ লগতে ইয়াৰ ফটো সীমান্তৰ সিপাৰৰ হেণ্ডলাৰলৈ প্ৰেৰণ কৰিছিল। মন্দিৰটোত নিয়োজিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক লক্ষ্য কৰি গুলীবৰ্ষণৰ জৰিয়তে এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰাই আছিল এই চক্ৰটোৰ মূল উদ্দেশ্য।

এই কূটাঘাতৰ পৰিকল্পনাত অন্তৰ্ভুক্ত আছিল জনবহুল দিল্লী-সোণিপত ঘাইপথৰ এটা জনপ্ৰিয় ধাবাও। ধাবাখনত গ্ৰেনেড আক্ৰমণ চলাই বৃহৎসংখ্যক লোকক হতাহত কৰাৰ লক্ষ্য লৈছিল সন্ত্ৰাসবাদীৰ মডিউলটোৱে। ইয়াৰ উপৰিও হাৰিয়ানাৰ হিচাৰত থকা এক সামৰিক শিবিৰ আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো আৰক্ষী থানাত তহল চলাই ভিডিঅ’ শ্বেয়াৰ কৰিছিল অভিযুক্তই। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ চক্ৰটোৰ শিপা বিচাৰি তদন্ত অধিক তীব্ৰতৰ কৰি তুলিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *