“হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ৷ তেওঁ কৈছে তেওঁ হেনো মোৰ বিৰুদ্ধে মিটিং কৰা নাই ৷ তেওঁ মোৰ বিৰুদ্ধে দস্তুৰমত মিটিং কৰিছে ৷”—বিধানসভা নিৰ্বাচনত শিৱসাগৰত অখিল গগৈয়ে বিজয় সাব্যস্ত কৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা কেতবোৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
কাজিৰঙাৰ দুৰ্গাপুৰ গাঁওস্থিত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত সংবাদমাধ্যমৰ আগত গগৈয়ে ফটো প্ৰদৰ্শন কৰি কয়, “শিৱসাগৰত যদি কেম্পেইন নকৰিলে বুলি কৈছে তেন্তে মই ফটো দুখন দেখুৱাই দিওঁ, হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই ! মোৰ বিৰুদ্ধে দুখন ডাঙৰ ডাঙৰ মিটিং কৰিছে । ১৫ মাৰ্চৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে এখন ডাঙৰ মিটিং কৰিছে ২০ হেজাৰ মহিলাক লৈ আমাৰ তলাতল ঘৰৰ ফিল্ডত ৷ মই সেইদিনাই ভাবিছোঁ মই হাৰিলোঁ ৷ মিটিঙত কুশল দুৱৰীক লৈ দপদপাই আছে ৷”
